APSC CCE 2020 ৰ সফল প্ৰাৰ্থীৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

ভৱিষ্যতৰ সমাজখনক নেতৃত্ব দিবলৈ আৰু জনসাধাৰণক সেৱা আগবঢ়াবলৈ আপোনালোক যোগ্য বিবেচিত হৈছে । সততাৰে নিজৰ কৰ্তব্য পালনক সদায় আপোনালোক গুৰুত্ব দিব লাগিব ।উদ্ভাৱনীমূলক চিন্তাৰে জনসেৱা প্ৰদানৰ ক্ষেত্ৰত নতুনত্ব আনিবলৈ চেষ্টা কৰিব লাগিব যাতে ইতিবাচক পৰিৱৰ্তন আনিব পৰা যায়। পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি শিশু শিক্ষা সমিতি, অসমৰ উদ্যোগত আয়োজিত অসম লোকসভা আয়োগৰ ২০২০ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ বিদ্যা ভাৰতী শিক্ষা সংস্থাৰ অধীনস্থ শিক্ষানুষ্ঠানসমূহৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয় ।

বিদ্যা ভাৰতী সংস্থাৰ প্ৰতিষ্ঠানত শিক্ষিত অসামৰিক সেৱাৰ নৱনিযুক্ত বিষয়াসকলক কৰ্তব্য পালনৰ ক্ষেত্ৰত নৈতিক মূল্যবোধক অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনাই মন্ত্ৰী পাটোৱাৰীয়ে কয় যে বিদ্যা ভাৰতী সন্থাৰ প্ৰতিষ্ঠানসমূহৰ মূল্যভিত্তিক শিক্ষা ব্যৱস্থাই জীৱনৰ আৰম্ভনিতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক সুদৃঢ় নৈতিক ভেটি গঢ়ি তোলে। তেওঁ ভৱিষ্যতৰ আমোলাসকলক তেওঁলোকৰ শক্তিশালী নৈতিক প্ৰমূল্যসমূহবোধৰ জৰিয়তে এখন দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ বাবে তৎপৰ হ’বলৈ আহ্বান জনায় ।

ভাষন প্ৰসংগত তেওঁ উন্নত প্ৰযুক্তিৰ দ্বাৰা কিদৰে ৰাজহুৱা সেৱা প্ৰদান অধিক ক্ষিপ্ৰতৰ কৰিব পাৰি তাৰ ওপৰতো আলোকপাত কৰে। ভাষা সফলতা লাভৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে বুলি কৈ পাটোৱাৰীয়ে কয় যে বিদ্যা ভাৰতী সংস্থাৰ শিক্ষানুষ্ঠানসমূহত অসমীয়া মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে অসম লোকসভা আয়োগৰ অসামৰিক সেৱা পৰীক্ষাৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ সেই কথা প্ৰমাণ কৰিছে।কালিৰ অনুষ্ঠানত শিশু শিক্ষা সংস্থা, অসমৰ সভাপতি দিব্যজ্যোতি মহন্ত, অসম আৰক্ষীৰ বিশেষ ডিজিপি জি পি সিং, নেডফিৰ অধ্যক্ষ আৰু এমডি পিভিএছএলএন মূৰ্তিয়েও ভাষণ দিয়ে।

Comments (0)
Add Comment