GREEN OSCAR বঁটাৰে সন্মানিত অসম জীয়াৰী

জৈৱ বৈচিত্ৰ সংৰক্ষণ তথা মানৱতাৰ নিদৰ্শনে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে এগৰাকী অসম জীয়াৰীয়ে। উল্লেখযোগ্য যে জৈৱ বৈচিত্ৰ সংৰক্ষণৰ সংগঠন অৰণ্যকৰ পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলা চৰাই সংৰক্ষণ বাবে লণ্ডনৰ Royal প্ৰিঞ্চেছে গ্ৰিণ অস্কাৰ বঁটাৰে সন্মানিত কৰিছে।

স্মৰ্তব্য যে পূৰ্ণিমা দেৱী বৰ্মনে কামৰূপৰ দদৰা, পছৰীয়া আৰু শিঙি মাৰী গাওঁ কেইখনত হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে এই অঞ্চলৰ লোকৰ মাজত সজাগতা বৃদ্ধি পাইছে। ইয়াৰ উপৰিও হাড়গিলা বাইদেউ হিচাপে খ্যাত বৰ্মনে জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে বিভিন্ন আত্মসহায়ক গোট খুলি হাড়গিলা সংৰক্ষণ আৰু প্ৰয়োজন সম্পৰ্কে প্ৰশিক্ষণ দিয়াৰ উপৰিও শিপিনী সকলৰ হতুৱাই গামোচা, চাদৰ মেখেলা আদিত হাড়গিলাৰ ছবি অংকন কৰোৱাৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে।

গ্ৰীণ অস্কাৰ বঁটাৰ বাবে ১৬৬ খন দেশৰ পৰা ৬৬ গৰাকী মনোনীত হৈছিল। তাৰ ভিতৰত পূৰ্ণিমা দেৱী বৰ্মন এই বটা লাভ কৰা একমাত্ৰ অসমীয়া।

Comments (0)
Add Comment