প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি নৃসিংহ যাত্ৰা” নামৰ অংকীয়া নাটখন অংক কৰিছে শিৱসাগৰ এগৰাকী যুৱতীয়ে।যুৱতী গৰাকী নাম নিমিষা কাকতি।শিৱসাগৰ শুকানপুখুৰীৰ ধ্ৰুৱজ্যোতি কাকতি আৰু ৰূপজ্যোতি কাকতিৰ কন্যা নিমিষাই মাধৱ দেৱৰ ”নৃসিংহ যাত্ৰা” অংকীয়া নাটখন চিত্ৰশৈলীৰে অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।৭৩ পৃষ্ঠাযোৰা এই নাটখন নিমিষাই কেৱল প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি অংকন কৰিছে।শংকৰদেৱ আৰু মাধৱ দেৱে অংকীয়া নাট চিত্ৰশৈলীৰ জৰিয়তে সাঁচিপাটত অংকন কৰি গৈছিল তাৰ আৰ্হিতে নিমিষা কাকতিয়ে এই নাটখন অংকন কৰিছে।
India book of records ত নাম অন্তৰ্ভুক্ত কৰিলে শিৱসাগৰৰ এগৰাকী যুৱতীয়ে
