NORTH EAST INDIA FASHION WEEK ৰ সংবাদ মেল

অহা ২৬ আগষ্টত গুৱাহাটীত অনুষ্ঠিত হ’ব NORTH EAST INDIA FASHION WEEK ৰ অসম সংস্কৰণ। আজি গুৱাহাটী প্ৰেছ ক্লাবত নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইকৰ তৃতীয় সংস্কৰণ সম্পৰ্কে ব্যাখ্যা আগবঢ়াই অগ্ৰণী ফেশ্বন ইভেণ্টটোৰ আয়োজক এ আৰ এলে কয় যে এই শেহতীয়া সংস্কৰণটোত বিশাল আৰু উফল উদ্যোগ টোৰ সৰ্বোত্তম প্ৰতিভা প্ৰদৰ্শিত হ’ব।

এই অনুষ্ঠানটো আয়োজন কৰা মুল উদ্দেশ্য হৈছে উদীমান হস্তশিল্পৰ শিল্পী তথা ডিজাইনাৰ সকলক অনুপ্ৰাণিত আৰু উৎসাহিত কৰা। উল্লেখযোগ্য যে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটোত ৫০ গৰাকীকৈ অধিক ডিজাইনাৰ আৰু থলুৱা শিপিনীয়ে অংশগ্ৰহণ কৰিব। সংবাদ মেলৰ লগত সংগতি ৰাখি অসম, মেঘালয়, নগালেণ্ড, মিজোৰামৰ বিভিন্ন শিল্পী পৰম্পৰাগত পোচাক প্ৰদৰ্শিত হয়।

Comments (0)
Add Comment