প্ৰকৃতি সুৰক্ষা সমন্ধিত বিভিন্ন পদক্ষেপ সমূহ চৰকাৰে গ্ৰহণ কৰি থকা সময়তে এজন বিশেষ ব্যক্তিৰ নাম চৰ্চালৈ আহিছে।মহানগৰীৰ চুপুৰাজ গগৈ আৰু সংগীতা ভট্ৰাচাৰ্য্য নামৰ দম্পতিদ্বয়ে চাইকেল টুৰিজিম প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ বাবে প্ৰচেষ্টা চলাই আহিছে।ইতিমধ্যে গুৱাহাটী পৰা অৰুণাচলৰ তেজুলৈকে তেওঁলোকে চাইকেলেৰে যাত্ৰা কৰিছে।ইয়াৰ উপৰিও নেটভেঞ্চাৰ নামৰ ষ্টাৰ্ট আপৰ জৰিয়তে দুসাহসিক ক্ৰীডা প্ৰসাৰৰ বাবে প্ৰচেষ্টা হাতত লৈছে।চুপুৰাজ গগৈৰ এনে প্ৰচেষ্টা হাজাৰজনৰ পথেয় হওক,আমি জনালো অলেখ শুভকামনা।
নিৰৱে পৰিবেশ সুৰক্ষাৰ বাবে সংকল্প গ্ৰহণ কৰিছে
