ৰাফ এণ্ড টাফ’ৰ বিশেষ প্ৰদৰ্শনী

ৰাফ এণ্ড টাফ’ৰ বিশেষ প্ৰদৰ্শনী

Ruf-and-tuff

আজি শুভাৰম্ভ হ’ল এখন বিশেষ চিনেমা “ৰাফ এণ্ড টাফ”। উল্লেখযোগ্য যে দিনৰ ১১:৩০ বজাত মহানগৰীৰ “গ্ৰেণ্ড চিনে” হলত এই চিনেমাখনৰ বিশেষ প্ৰদৰ্শনী হয়। কালিলৈ সমগ্ৰ অসমতে ৪৬ টা হলত বিভিন্ন সময়তে দৰ্শকে চিনেমাখন উপভোগ কৰিবলৈ পাব। স্মৰ্তব্য যে গতানুগতিক কাহিনীৰ বিপৰীতে সম্পূৰ্ণ নতুনত্ব সোৱাদ ল’ব পৰা “ৰাফ এণ্ড টাফ” এখন বাণিজ্যিক চিনেমা। নীতি, আদৰ্শ, আবেগ আৰু নতুন ধৰণৰ প্ৰেম কাহিনীয়ে চিনেমাখনৰ মুল উপজীব্য। মনকৰিবলগীয়া যে nefocus.com য়ে এইক্ষেত্ৰত সহযোগী হিচাপে সহযোগীতা আগবঢ়াই আহিছে। ইনস্পেকটৰ ৰবিন চৌধুৰী আৰু ডাক্তৰ কাশ্মিৰীৰ প্ৰেম কাহিনীয়ে চিনেমাখনক সোণত সুৱগা চৰাইছে। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে গুঞ্জন আৰু নবাগতা গাৰ্গীয়ে। স্মতৰ্ব্য যে চিনেমাখনৰ কাহিনী আৰু পৰিচালক মণি সিনহা আৰু প্ৰযোজক নৰেন্দ্ৰ এম সিনহা। ইচ্ছুক চিনেমা প্ৰেমীয়ে কালিলৈ চিনেমাখন সকলো হলতে উপভোগ কৰিব পাৰিব।

Ruf-Tuf

Comments (0)
Add Comment