কি দৰে পূজিব লক্ষ্মী দেৱীক

আজি লক্ষ্মী পূজা। ধন, সম্পদ, অশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা। গাঁৱৰ ৰাইজে পথাৰত, ভৰাঁল ঘৰত, এগছি বন্তি জ্বলাই, শৰাইএখন দি লক্ষ্মী দেৱীক আমন্ত্ৰণ জনায়। আনহাতে চহৰীয়া সকলে বজাৰতে পোৱা ধানৰ থোক, কলগছ, কুঁহিয়াৰ, ৰবাব টেঙা, বিভিন্ন ফলমূলে প্ৰসাদে লক্ষ্মী দেৱীক আদৰাৰ প্ৰস্তুতি চলাইছে। সেয়েহে মহানগৰীৰ বিভিন্ন বজাৰত পূজাৰ সামগ্ৰী বিচাৰি গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে। জনবিশ্বাস মতে, লক্ষ্মী দেৱী যাৰ ঘৰত পদাপৰ্ণ কৰে, তেওঁৰ ঘৰত ধনে ধানে ওপচি পৰে। প্ৰচলিত মত যে লক্ষ্মী দেৱী অতি শান্ত । হাই হাল্লা ভাল নাপায়। সেয়েহে  তেওঁক পূজাৰ সময়ত নিয়মেৰে শান্তভাৱে পূজা অৰ্পণ কৰা উচিত । লক্ষ্মী দেৱীৰ প্ৰিয় ৰং শুভ্ৰ অথবা বগা। জনবিশ্বাস যে লক্ষ্মী দেৱী পূজা কৰা সময়ত শুভ্ৰ সাজ পৰিধান কৰি পূজা ভাগ আগবঢ়ালে অতি সহজতে প্ৰসন্ন হয়। এয়া আছিল লক্ষ্মী পূজাৰ কিছু ৰীতি। প্ৰিয় পাঠক আমাৰ ফালৰ পৰা লক্ষ্মী পূজাৰ অলেখ শুভেচ্ছা জনালোঁ।

Comments (1)
Add Comment
  • Partha Pratim Saikia

    Bahut bhal lagil jani