মুখ্য ন্যায়াধীশক কৰা ব্যৱহাৰৰ ভিত্তিত-প্ৰসংগ সন্মান

কেই দিনমানৰ আগতে ফেচবুকত এটা পোষ্ট পাইছিলো।পোষ্টটো বহুতে শ্বেয়াৰ কৰিছিল ।পোষ্টটো আছিল এনেধৰণৰ আমিয়েই শেষৰ প্ৰজন্ম, যিয়ে নেকি শিক্ষকক দেখিলে চাইকেলৰ পৰা নামি দিও অথবা সন্মান প্ৰদৰ্শন কৰো।আজি কালিৰ প্ৰজন্মৰ মানসিকতা ,ব্যৱহাৰৰ সম্পৰ্কে জানিব বিচৰাত এজন শিক্ষকে এনেদৰে কয়-সন্মানটো দূৰৰে কথা শাসন কৰাটোও বিপদ আজিকালি।এতিয়া প্ৰশ্ন হ’ল কি পৰিস্থিতিত শিক্ষাগুৰুজনে এনে কথা ক’লে ? আজিৰ প্ৰজন্মই সন্মান কৰিব নাজানে নেকি? নে সন্মান বোলা শব্দটোৱে চিনি নাপায়! শুনা যায় সন্মান এনে এক কাৰ্য্য, যাক বিলাই দিলেহে ঘুৰাই পাব পাৰি ।সন্মান দিলেহে সন্মান পাব পাৰি।টকা পইচাৰে সন্মান কিনিব নোৱাৰি বুলি ভবা হয় যদিও বাস্তৱিকতে আজিৰ দিনত সন্মানো কিনিব পৰা যায়।কিন্তু সেই সন্মান ক্ষণস্থায়ী ।গতিকে প্ৰতিটো কথাই মানৱীয় অনুভূতিৰে বিচাৰ কৰক জ্যেষ্ঠজনক  সন্মান প্ৰদৰ্শন কৰক ।

Comments (0)
Add Comment