শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰি..

আই তোক কিহৰে পূজিমে
আই তোৰ চৰণে দুখানি
আই অ’ কিহেৰে পূজিমে তোক
আই অ’ জীৱন দি পূজিমে তোক।

যিদৰে এই গীতটোৰ জৰিয়তে মাতৃক ভালপোৱা এক অৰ্থবহ সংকেত দাঙি ধৰিলে। ঠিক সেইদৰে এই চানেকিতে সমগ্ৰ জীৱন উৎসৰ্গা কৰিলে। তেখেত হ’ল আমাৰ সকলোৱে মৰমৰ, শ্ৰদ্ধাৰ ড০ ভূপেন হাজৰিকা। তেখেতৰ গানৰ সুৰত ভাহি আহিছিল মাটিৰ গোন্ধ। গানেৰে জাতীয় চেতনা বোধ সকলোকে জগাই তুলিবলৈ সক্ষম হৈছিল। কি পাহাৰ, কি ভৈয়াম সকলোকে গানেৰে একত্ৰিত কৰিছিল,মোহিত কৰি ৰাখিছিল । অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত শিল্পীগৰাকীয়ে অগ্ৰণীয় ভূমিকা গ্ৰহণ কৰিছিল। অসমীয়া জাতিৰ উত্তৰণৰ বাবে জীৱনৰ বিয়লি বেলালৈকে তেখেতে বহুতো কৰি গ’ল।যাৰ বাবে তেখেতৰ মহাপ্ৰয়ানৰ সময়ত সকলোৱে কান্দিছিল, সকলোৱে উচুপিছিল। ১৯২৬ চনৰ আজি দিনটোতে এই শিল্পীজনে শদিয়াত জন্ম গ্ৰহণ কৰিছিল। তেখেত এগৰাকী সাগৰ সম বিশাল ব্যক্তিত্বৰ গৰাকী আছিল। তেখেত আমাৰ মাজত সদায়ে আছে আৰু থাকিব। আজি ওপজা দিনত এনেদৰে একলম লিখি শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিলো।

Comments (0)
Add Comment