আৰম্ভ হ’ল শাৰদীয় উৎসৱৰ প্ৰথমটো দিন

আৰম্ভ হ’ল শাৰদীয় উৎসৱৰ প্ৰথমটো দিন
যা দেৱী সৰ্বভুতেষু 
মাতৃৰূপেণ সংস্থিতা
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।।
এনেদৰে দেৱীক তুষ্ট কৰাৰ অৰ্থে বন্দনা কৰা হয়। আজি মহাষষ্ঠী। বিভিন্ন মাংগলিক পৰম্পৰাৰে দেৱীক আজিৰ দিনটোত আসনত অধিষ্ঠিত কৰা হয়। সেয়েহে আজিৰ পৰা আনুষ্ঠানিক ভাৱে দুৰ্গাপূজা আৰম্ভ হয়। 
067b3e3129fa852d847456d7052d0f3d
দেৱী দূৰ্গা হ’ল দুৰ্গতিনাশিনী শান্তি প্ৰতিষ্ঠাকাৰিণী। ধৰাত শান্তিৰ প্ৰতিষ্ঠাৰ অৰ্থে দেৱী দুৰ্গা এইবাৰ নৌকাৰে আগমণ হৈছে আৰু গমন কৰিব অশ্ব অথবা ঘোঁৰাৰে। এই মতবাদক লৈয়ে বিভিন্ন জনৰ মতবাদ আছে। জনবিশ্বাস অনুসৰি দেৱীৰ নৌকাত আগমণে শস্য নদন-বদন হয় আৰু ঘোঁৰাত গমনে অপশক্তি সমূহক ছত্ৰভংগ দিয়ে। 
durga-puja-south-kolkata-702x336
তথ্য অনুসৰি আজি মহাষষ্ঠীৰ দিনা দিনৰ ৩.২৩ বজালৈ ষষ্ঠীৰ বিহিত পূজা আৰু সন্ধ্যা সময়ত মহিষামৰ্দিনীৰ আমন্ত্ৰণ আৰু অধিবাস সম্পন্ন হ’ব। পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ মংগলধ্বনি, ভক্তপ্ৰাণ ৰাইজৰ জয়ধ্বনি শংখ, ঘণ্টা, ঢাক-ঢোলৰ সমন্বয়ৰ মাজত দেৱী সু-প্ৰতিষ্ঠিত হ’ব। দেবীৰ লগত বেদীত ক্ৰমে গনেশ, কাৰ্তিক, লক্ষ্মী দেৱীক প্ৰতিষ্ঠা কৰিব। আজি এই শুভক্ষণত Nefocus.com  ফালৰ পৰা আপোনাৰ লগতে সমূহ পৰিয়াললৈ জনালোঁ বহু শুভকামনা। 
সহযোগ কৰিলে-
প্ৰাঞ্জল প্ৰতিম বৰাই 
Comments (0)
Add Comment