আজি বিশ্ব শ্ৰমিক দিৱস।শ্ৰমিক সকলক সন্মান প্ৰদৰ্শন কৰা তথা মনোবল বৃদ্ধি কৰা লক্ষ্যৰে এই দিৱস পালন কৰা হয় ।ভাৰতবৰ্ষৰ চেন্নাইত ১৯২৩চনত প্ৰথম শ্ৰমিক দিৱস উদযাপিত হৈছিল ।আনহাতে বিশ্বৰ ভিতৰত প্ৰথম শ্ৰমিক দিৱস আমেৰিকাত উদযাপন হৈছিল ।আজিৰ তাৰিখত প্ৰায় ৮০খন দেশে শ্ৰমিক দিৱস উদযাপন কৰে লগতে শ্ৰমিক দিৱসৰ দিনা বন্ধ পালন কৰে।আচলতে শ্ৰমিকৰ কাৰণে বিশেষ দিনৰ প্ৰয়োজনীয়তা নাথাকে যদিহে শ্ৰমিক সকলৰ শ্ৰমক উচিত মৰ্য্যদা দিয়া হয়।শ্ৰমৰ ভাগ অনুসৰি উচিত সন্মান প্ৰদৰ্শন কৰা হয়।তেহে শ্ৰমিক সকলৰ কৰ্মস্পৃহা বৃদ্ধি পাব।দুগুণ উৎসাহেৰে কৰ্ম কৰাৰ প্ৰতি অাগ্ৰহী হৈ উঠিব । সাধাৰণ দৃষ্টিত আমাৰ অসমত চাহ বাগানত কাম কৰা ব্যক্তিক আৰু ইটা ভাটা কাম কৰা ব্যক্তি সকলকহে শ্ৰমিক হিচাপে ধৰা হয় ।কিন্তু প্ৰকৃততে সৰু বৰ কাম কৰা প্ৰত্যেকজন ব্যক্তিয়ে একো একোজন শ্ৰমিক।কোনোৱে হয়তো সমাজৰ উন্নয়নৰ বাবে শ্ৰম কৰিছে, কোনোৱে হয়তো মালিকপক্ষৰ উন্নয়নৰ বাবে শ্ৰম কৰিছে, পাৰ্থক্য ইমানেই ।কিন্তু পৰিতাপৰ বিষয় যে আজিও প্ৰকৃত শ্ৰমিকসকলে শ্ৰমৰ প্ৰকৃত সন্মান নাপায়, বেতন নাপায়।ইয়াৰ বিপৰীতে মধ্যভোগী অথবা দালাল শ্ৰেণীয়েহে সেই সকলোবোৰ সুবিধা ভোগ কৰে।আজি তাৰিখত অজস্ৰ শিশু হোটেল, ৰেষ্টুৰেণ্ট, ইটা ভাটা অথবা কাৰোবাৰ ঘৰত বন কৰা হিচাপে কৰ্মৰত।এমুঠি অন্ন, বস্ত্ৰৰ বাবে তেওঁলোকে এনেদৰে শ্ৰম কৰিব লগা পৰিবেশৰ সৃষ্টি হৈছে।ইয়াৰ কাৰণ যদি ফঁহিয়াই চোৱা হয়, তেনেহ’লে কেৱল শ্ৰমৰ ক্ষেত্ৰত হোৱা বঞ্চনাৰ প্ৰতিছবিহে দৃষ্টিগোচৰ হ’ব।এই ক্ষেত্ৰত সাধাৰণ নাগৰিক তথা চৰকাৰৰো কৰণীয় আছে।প্ৰত্যেকেই যদি কৰণীয় কৰ্তব্য পালন কৰি যাও, তেতিয়াহে দেশৰ শ্ৰমিকৰ সমস্যা দূৰ হ’ব নহ’লে শ্ৰমিক দিৱস এনেকৈ উদযাপনতে থমকি ৰ’ব।