অবিনাশে সৃষ্টিশীল কৰ্মৰে উজলিছে

সৃষ্টিৰ মাজতো লুকাই থাকে অসীম আনন্দ। সেই আনন্দৰ সীমা কোনো অৰ্থৰে জুখিব নোৱাৰি। এই মন্তব্য এগৰাকী শিল্পীৰ। কাকজান কমাৰ খাটোৱালৰ অবিনাশ হাজৰিকা নামৰ শিল্পীজনে দেখাত অপ্ৰয়োজনীয় যেন লগা কিছু বস্তুৰে তৈয়াৰ কৰিছে বহুতো মনোৰম সা- সামগ্ৰী।

বিশেষকৈ বিহু সমাগত হোৱাৰ বাবে শিল্পী অবিনাশ হাজৰিকাই প্ৰস্তুত কৰা সা- সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। জানিব পৰা মতে শিল্পী অবিনাশে ধানেৰে বিভিন্ন আ-অলংকাৰ, কাগজেৰে কপৌফুল, ঢকুৱাৰে বিউটী বক্স প্ৰস্তুত কৰি চৰ্চা লাভ কৰিছে। তেখেতে প্ৰস্তুত কৰা সামগ্ৰীসমূহ পাঞ্চজন্য কুটীৰ উদ্যোগ নামৰ বিপনী খনত উপলব্ধ। আচলতে অবিনাশ হাজৰিকাই সৰুৰে পৰা এনেধৰণৰ সৃষ্টিশীল কামৰ লগত জৰিত আছিল।

যাৰ সুবাদতে পেছা হিচাপে নিজেই ভালপোৱা এটা কৰ্ম বাছি লৈছিল। আন ব্যৱসায় অথবা চাকৰিমুখী প্ৰৱণতা পৰিহাৰ কৰি সম্পূৰ্ণ একাগ্ৰতাৰে ২০ বছৰে এই শিল্প কৰ্মৰ লগত জৰিত হৈ আছে। এই শিল্প কৰ্মলৈ ভাৰতৰ বিভিন্ন ঠাইলৈ যোৱাৰ লগতে অৰুণাচল আৰু ত্ৰিপুৰালৈও গৈ প্ৰশিক্ষণ প্ৰদান কৰিছে। সৃষ্টিশীল প্ৰতিভাৰে উজলি উঠা শিল্পীজনক Nefocus.com ফালৰ পৰা বহু শুভকামনা জনাইছো।

Comments (0)
Add Comment