অসমৰ ন-উদ্যমী সকললৈ আশাৰ বতৰা লৈ আহিছে ঋদ্ধিনীল ৰয়ে

“বানিজ্যে বসতি লক্ষ্মী”

এই আপ্ত বাক্যষাৰ সৰোগত কৰি ব্যৱসায়ক পেছা হিচাবে লবলৈ উত্তৰ পূৰ্বাঞ্চলৰ বহু যুৱক যুৱতী আগবাঢ়ি আহিছে । কিন্তু বহুসময়ত উপযুক্ত দিশ নিৰ্দেশনা,পুঁজিগঠন তথা উন্নত কাৰিকৰী আৰু কৌশলগত জ্ঞানৰ অভাবত তেওঁলোক থমকি ৰব লগা হয় ।এই সকল ন-উদ্যমীৰ বাবে এনেবোৰ সমস্যাৰ সমাধান হিচাবে ঋদ্ধিনীল ৰয় আৰু তেওঁৰ বন্ধু সকলে সৃষ্টি কৰিছে NE8IStartup ।
“উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতী মাজত কোনোদিনেই উদ্যমীতাৰ অভাৱ নাই । প্ৰয়োজন মাথো সঠিক দিশ নিৰ্দেশনাৰ ।“ এই ভাষ্য NE8IStartupৰ প্ৰতিষ্ঠাপক ঋদ্ধিনীল ৰয়ৰ । NE8IStartupএ ইতিমধ্যে সফলতাৰে সমাপ্ত কৰিছে Startupৰ বিকাশ সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী । একুৰি তিনি বছৰীয়া চফল যুৱক ঋদ্ধিনীল ৰয়ৰ সপোন উত্তৰ পূৰ্বাঞ্চল হওঁক ষ্টাৰ্ট আপ সমূহৰ অন্যতম অভিকেন্দ্ৰ ।

কোন এই ঋদ্ধিনীল ৰয় :

গুৱাহাটীৰ ওদালবাক্ৰাৰ নিবাসী ঋদ্ধিনীল ৰয়ৰ নামটো উত্তৰ-পূৰ্বাঞ্চলৰ লোক সকলৰ বাবে নতুন যদিও ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক চিনাকি নাম । বয়সৰ লেখেৰে তেনেই তৰুণ যদিও ঋদ্ধিনীল ৰয় কানেক্টিভ প্লাছ আৰু বায়কগনিজেন্স নামৰ দুটা ষ্টাৰ্ট আপ সফলতাৰে সৃষ্টি কৰাৰ অভিজ্ঞতাৰে পুষ্ট ।
কানেক্টিভ প্লাছ এক কেম্পাছ ডেশ্বব’ৰ্ড প্লেটফৰ্ম অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যোগাযোগ আৰু তথ্যৰ আদান প্ৰদানৰ এক অনলাইন মাধ্যম । ৱেবছাইটৰ লগতে এপৰ মাধ্যমেৰেও উপলব্ধ কানেক্টিভ প্লাছ বৰ্তমান গুৱাহাটী, আহমেদাবাদ, চেন্নাই, বাংগালুৰু, দিল্লী, হাইদৰাবাদ, মুম্বাই, কলকাতা আদি ঠাইৰ ৩০খনতকৈও অধিক শৈক্ষিক প্ৰতিস্থানৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োগ কৰি আছে ।অসমৰ অসম আভিযান্ত্ৰিক মহাবিদ্যালয়, যোৰহাট আভিযান্ত্ৰিক মহাবিদ্যালয়, গিৰিজানন্দ চৌধুৰী ইন্সটিটিউট অৱ টেকন’লজী আদি প্ৰতিস্থানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো জনপ্ৰিয় এই প্লেটফৰ্ম । ফিলাডেলফিয়াৰ হেইছ গ্ৰুপে ইতিমধ্যে ইয়াক পৰৱৰ্তী ১০০ টা সম্ভাৱনাপূৰ্ণ প্ৰতিষ্ঠানৰ তালিকাত স্থান দিছে ।প্ৰাৰম্ভিক পৰ্যায়ত পুঁজিৰ নাটনিৰপৰা আৰম্ভ কৰি অন্যান্য বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত কানেক্টিভ প্লাছৰ সমূখত আস্তিত্বৰ সংকটে দেখা দিছিল । কিন্তু হাৰ নমনা মানসিকতাৰে ঋদ্ধিনীলে প্ৰায় দুবছৰৰ অন্ততঃ ইয়াক এক সুস্থিৰ পৰ্যায়লৈ লৈ যায় ।

বায়কগনিজেন্স – তেঁও আৰম্ভ কৰিছিল নিজৰ শৈক্ষিক ক্ষেত্ৰ বায়টেকৰ লগত সংগতি ৰাখি । এই ষ্টাৰ্টআপ পৰৱৰ্তী সময়ত জাৰ্মান প্ৰতিস্থান এটাই ক্ৰয় কৰে ।
অদম্য ইচ্ছাশক্তি আৰু দৃঢ় মানসিকতাৰ অধিকাৰী ঋদ্ধিনীল সৰু কালৰে পৰাই তৰ্কবিদ্যা, আকস্মিক বক্তৃতা, ড্ৰয়িং আদি বিষয়ত নিজৰ মেধা দেখুওৱলৈ সক্ষম হৈছিল । তৃতীয় শ্ৰেণীত থাকোঁতেই “গুৱাহাটীৰ বানপানী” শীৰ্ষক ছৱি আঁকি ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত স্বৰ্ণপদক পাইছিল তেওঁ । পিতৃ হৃদয়ৰঞ্জন ৰয় আৰু মাতৃ মৌচুমী ৰয়ে তেওঁক সৰুৰে পৰাই যোগাত্মক চিন্তা-চৰ্চা কৰাত অৱদান যোগাইছিল ।এই যোগাত্মক চিন্তা-চৰ্চাই তেওঁক অনুপ্ৰেৰণা যোগালে NE8IStartup আৰম্ভ কৰিবলৈ ।ঋদ্ধিনীলৰ ভাষাৰে “ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰতিভাৱান গৈ প্ৰতিষ্ঠিত হোৱাৰ পাছত ইয়ালৈ পুনৰ ঘূৰি আহিব নিবিচাৰে ।ফলত অঞ্চলতোৰ বাকী সকল তেওঁলোকৰ সেৱাৰ পৰা বঞ্চিত হৈ থাকে । ষ্টাৰ্ট আপ সংস্কৃতিতো একে কথাই প্ৰযোজ্য । সেয়েহে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছো,যাতে সৰ্বভাৰতীয় পৰ্যায়ত ফেৰ মাৰিব পৰাকৈ ইয়াতো এক ষ্টাৰ্ট আপ সংস্কৃতি গঢ় লৈ উঠে’’।

গুৱাহাটীৰ খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰা তথা বাংগালুৰুৰ দয়ানন্দ সাগৰ কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা বায়টেকনলজীত বি ই ঋদ্ধিনীল ৰয়ৰ এই যোগাত্মক প্ৰচেষ্টাৰ প্ৰতি আমাৰ সৰ্বদা সমৰ্থন থাকিব ।  NE8I Startup ৰ বিষয়ে সবিশেষ আমি আপোনালোকক জনাম পৰৱৰ্তী লেখাত ।

লেখক: ধ্ৰুৱ জ্যোতি অৰ্জুনা

Comments (0)
Add Comment