অসমৰ পাচলি বিদেশলৈ..

অসমৰ কৃষকসকলৰ বাবে সুখবৰ ।পোনপ্ৰথমবাৰৰ বাবে অসমৰ পৰা বিদেশলৈ ৰপ্তানি হ’ল পাচলি ।অসমৰ কৃষকে উৎপাদন কৰা ৮১০কেজি পাচলি অলপতে ডুবাইলৈ ৰপ্তানি হৈছে।ৰপ্তানি হোৱা পাচলিবোৰৰ ভিতৰত পটল, বেঙেনা, কাজি নেমু, উৰহী অন্যতম ।গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা পৰা যোগান বিভাগৰ সহযোগত নগাঁৱৰ এটা কোম্পানীয়ে দেওবাৰে পাচলি বোৰ ৰপ্তানি কৰিছে ।উল্লেখযোগ্য যে ইতিপূৰ্বে গুৱাহাটীৰ এটা কোম্পানীয়ে পৰা কলিকতাত পেকেটিং কৰি বিদেশলৈ পাচলি ৰপ্তানি কৰিছিল , যদিও এইবাৰ পোনপ্ৰথমবাৰৰ বাবে পাচলি প্ৰত্যক্ষভাৱে বিদেশলৈ ৰপ্তানি হ’ল।এনে খবৰে কৃষক সকললৈ আশাৰ  বতৰা কঢ়িয়াই আনিছে ।

Comments (0)
Add Comment