অসমৰ বোৱাৰী মঞ্জু ভাটিয়া আৰু সুন্দৰী সকলৰ ৰিক’ভাৰী বিগ্ৰেড

বেংকৰ ৰিক’ভাৰি এজেন্ট বুলি কলে সাধাৰণতে আমাৰ চকুত হটঙা চেহেৰাৰ এজন পেশীবহুল মানুহৰ প্ৰতিচ্ছবি হে আমাৰ মনলৈ আহে । বেংক সমূহে তেওঁলোকৰ ঋণ সমুহ অনাদায় হৈ থাকিলে ৰিক’ভাৰি এজেন্ট নিয়োগ কৰে । ই এক ধৰণৰ ব্যৱসায়। এই ব্যৱসায়ৰ বাবে ইতিমধ্যে ভাৰতত গঢ় লৈ উঠিছে বহু ডেবট ৰিক’ভাৰী কোম্পানী। এসময়ত সম্পূৰ্ণ পুৰুষ অধ্যুষিত এই ব্যৱসায়টোত মঞ্জু ভাটিয়াৰ আগমনে আনিলে বৈপ্লৱিক পৰিবৰ্তন ।

সৰ্বসাধাৰণ ৰাইজৰ বাবে মঞ্জু ভাটিয়া নামটো অচিনাকি হলেও, তথ্যবিজ্ঞ মহলৰ বাবে এটা অতিকৈ চিনাকি নাম । বিখ্যাত আলোচনী ফৰ্বচৰ 30 under 30 Asia 2016 ৰ শিতানত স্থান লাভ কৰিবলৈ সক্ষম হোৱা মঞ্জু ভাটিয়া আজি কোটি কোটি ভাৰতীয় মহিলা তথা যুৱ উদ্যমীৰ বাবে অনুপ্ৰেৰণাৰ উৎস ।
 
ইন্দোৰৰ যুৱতী মঞ্জু ভাটিয়াই ২০০৩ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ কৰিয়েই ঘৰৰ কাষৰ এটা ফাৰ্মাচিউটিকেল কোম্পানীত ৰিচেপচনিষ্ট হিচাবে যোগ দিয়ে ।তাত দুবছৰ ব্যৱসায় সম্পৰ্কীয় অভিজ্ঞতা অৰ্জনৰ অন্তত পৰাগ শ্বাহে আৰম্ভ কৰা Vasuli Recoveries নামৰ প্ৰতিষ্ঠানটোত যুটীয়া সঞ্চালক হিচাবে যোগদান কৰে ।

 
তাৰ পাছৰ খিনি যেন ইতিহাস ।এই ইতিহাস সংগ্ৰাম আৰু বিজয়ৰ ।মঞ্জু ভাটিয়াৰ সবল নেতৃত্বত Vasuli Recoveries এ সফলতাৰ নতুন অধ্যায় সূচনা কৰে । মাত্ৰ ২৫,০০০ টকাৰ মাহিলী আয়েৰে তথা আঠ জন কৰ্মচাৰীয়েৰে যাত্ৰা আৰম্ভ কৰা Vasuli Recoveries ৰ আজি দেশব্যাপী আছে ২৫oগৰাকীতকৈ অধিক কৰ্মচাৰী তথা ২৬ টাতকৈ অধিক শাখা । দেশৰ প্ৰায় প্ৰতিটো ৰাষ্ট্ৰীয় বেংক্ৰ বাবে সেৱা আগবঢ়াই অহা Vasuli Recoveries এ বছৰি ৫০০ কোটিকৈও অধিক টকাৰ ব্যৱসায় কৰে । বেংকিঙ খণ্ডৰ Recovery Business ত এগৰাকী যুৱতীৰ এনে উত্থান কেৱল চমকপ্ৰদই নহয়, অবিস্মৰণীয়ও ।তাতোকৈ আচৰিত তেওঁৰ সমুদায় কৰ্মচাৰী সকলো মহিলা ।

মঞ্জু ভাটিয়াই সমগ্ৰ Debt Recovery ব্যৱসায়টোকে এক নতুন মাত্ৰা দিলে । আমাৰ লগত হোৱা এক বাৰ্তালাপত তেওঁ জনাই এই ব্যৱসায়ত পেশী সৰ্বস্বতাই বহুসময়ত ঋণাত্বক প্ৰভাৱহে পেলাই । ঋণ Defaulter মানুহজনক বুজাই বঢ়াই ঋণ পৰিশোধ কৰিবলৈ সৈমান কৰোৱাতোহে মূল কথা । তাত উক্ত মানুহ জনৰ প্ৰতি সহমৰ্মিতা থকাটো সবাটোকৈ প্ৰয়োজন ।

তীব্ৰ প্ৰত্যাহ্বানযুক্ত এই ব্যৱসায়টোত অপাৰ সফলতাৰ সমসাময়িক ভাবে মঞ্জু ভাটিয়াই সফলতাৰে আগুৱাই নিছে নিজৰ শৈক্ষিক দিশো । তেওঁ বৰ্তমান আইনৰ ডক্টৰেট ডিগ্ৰীৰ বাবে অধ্যয়ন কৰি আছে। এই সম্পৰ্কে তেওঁ Ne Focus ক জনাই যে তেওঁ প্ৰত্যাহ্বান ভাল পায় । হয়তো এনে গুণৰ বাবে তেওঁ স্থান লভিৱলৈ সক্ষম হৈছে টাইমছ অব ইণ্ডিয়া, ইক’নমিক টাইমছ আদিৰ দৰে দেশৰ আগশাৰীৰ বাৰ্তা আলোচনীত ।
এসময়ত নিজৰ প্ৰতিষ্ঠানৰ বাবে কাম বিচাৰি যাওঁতে শ্লেষাত্মক মন্তব্য সহ্য কৰিব লগা মঞ্জু ভাটিয়াই, নিজৰ কামৰ দ্বাৰা আজি অৰুন্ধতী ভট্টাচাৰ্য্য, চন্দা ক’চচাৰ দৰে দেশৰ নামী বেংকাৰৰ প্ৰশংসা লভিবলৈ সক্ষম হৈছে । অসমৰ গোলাঘাট জিলাৰ বোৱাৰী মঞ্জু ভাটিয়াই ব্যৱসায়ত লাভ কৰা সফলতাত আমিও বিমুগ্ধ ।এই কৃচছ্ৰসাধনা পাথেয় হওক উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতী সকলৰ বাবে ।
  
লেখক: ধ্ৰুৱ জ্যোতি অৰ্জুনা
Comments (5)
Add Comment
  • Deepak

    Ek num MB

  • Y Shyam

    This true story can surely be a strong motivation to strong willed girls / ladies of Assam to meet big challenge starting with little step.

    • admin

      Thank You Mr. Shyam hope for same consideration in future.

    • Dhruba Jyoti Arjuna

      Thank you Y Shyam ji . I always believe she is the best example of woman empowerment

  • Poban

    সুন্দৰ লিখনি ৷ আপোনাৰ এনে প্ৰেৰণদায়ক লিখনি আমি সদায় কামনা কৰো ৷