আই এ এছ এছ টি গুৱাহাটীৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মহানগৰীৰ পশ্চিম বৰাগাঁওস্থিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ অধীনৰ স্বতন্ত্ৰীয় অনুষ্ঠান “ইনষ্টিটিউট অৱ এডভান্স ষ্টাডি ইন চায়েন্স এণ্ড টেকন’লজিৰ আজি ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মূৰ্খাজীয়ে । অধ্যাপক মূৰ্খাজীয়ে আদৰনি ভাষণত কয় যে আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ ক্ষেত্ৰত অনুষ্ঠানটোৰ গৱেষক সকলে গৱেষণাৰ জৰিয়তে বিভিন্ন সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । আনহাতে আজিৰ এই প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে কলিকতাস্থিত “চিষ্টাৰ নিৱেদিতা বিশ্ববিদ্যালয়”ৰ উপাচাৰ্য অধ্যাপক ধ্ৰৱজ্যোতি চট্টাপধ্যায়, সন্মানীয় অতিথি যোৰহাটস্থিত নৰ্থইষ্ট ইনষ্টিটিউট অৱ চায়েন্স এণ্ড টেকন’লজিৰ সঞ্চালক ড°গনপতি নৰহৰি শাস্ত্ৰীৰ লগতে আই এ এছ এছ টিৰ সমূহ বিষয়া-কৰ্মচাৰী, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু নিমন্ত্ৰীত অথিথি সকলে কভিড’১৯ বিধি মানি উপস্নিত থাকে । সভাত আই এ এছ এছ টিৰ ২০২০-২০২১ বৰ্ষত ডক্টৰেট ডিগ্ৰী লাভ কৰা গৱেষক ছাত্ৰ-ছাত্ৰী, আই এ এছ এছ টি কভিড’-১৯ নমুনা পৰীক্ষা কেন্দ্ৰৰ কৰ্মচাৰী আৰু দিৱস উপলক্ষে আয়োজন কৰা বিভিন্ন প্ৰতিযোগীতাৰ পাৰদৰ্শী সকলোক অনুষ্ঠানটোৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মূৰ্খাজীয়ে বঁটা আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে ।

Comments (0)
Add Comment