আজিৰ দুটা খবৰ

যি সময়ত বৰ্হিৰাজ্যৰ বণিকসকলে ব্যৱসায়ৰ দ্বাৰা থলুৱা ব্যৱসায়ীসকলক মাধমাৰ সোধাইছে সেইসময়ত কেইজনমান উদ্যমীৰ প্ৰচেষ্টাত গুৱাহাটীৰ মাজ মজিয়াত এক ব্যতিক্ৰম ধৰণৰ অনুষ্ঠানৰ জন্ম হৈছে। আডাম স্মিথ, যোছেফ বাল্কেৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ The Boho Roots cafe নামৰ অনুষ্ঠানে জন্ম লাভ কৰিছে। আজিৰ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰি জবা বৰগোহাঁয়ে কয় যে এই Boho Roots এনে এক অনুষ্ঠান য’ত শিল্পৰ পৰা কলালৈ, বিজ্ঞানৰ পৰা অৰ্থনীতিলৈ চৰ্চাৰ অভিকেন্দ্ৰ হ’ব। The Boho Roots Cafe ত থকা-খোৱাৰ সুবিধাৰ লগতে থলুৱা পদ্ধতিৰে প্ৰস্তুত কৰা পশ্চিমীয়া খাদ্যসম্ভাৰ উপলব্ধ হ’ব। এই অনুষ্ঠানটোৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে প্ৰণয় বৰদলৈ, ইউ এফ অৰ সৌৰভ দত্ত আৰু সাংবাদিক পংকজ দত্ত উপস্থিত থাকে।

আনহাতে এন আৰ চি ৰ প্ৰসংগত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে আজি ষ্টাফ কলেজত এখন সৰ্বদলীয় নেতা সকলৰ সভা অনুষ্ঠিত কৰে|সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায়। লগতে কয় যে এন আৰ চিৰ খচৰাকলৈ চিন্তিত হ’ব নালাগে।উল্লেখযোগ্য যে ২০০ টা কোম্পানীক অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে নিয়োগ কৰিছে।

Comments (0)
Add Comment