আজি ৰাজ্যজুৰি উদযাপিত হ’ব লক্ষ্মী পূজা

আজি লক্ষ্মী পূজা।ধন সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱীক আজি দিনটোত আৰাধানা কৰা হয়।
 
 
এই লক্ষ্মী পূজা অসমীয়া সমাজ জীৱনৰ লগত বিশেষ ভাৱে সম্পৰ্কিত ।কৃষক ৰাইজে ধানে দোনে নদন বদন হ’বলৈ লক্ষ্মী দেৱীক আৰাধানা কৰে।ভঁৰাল ,খেতি পথাৰ,গোঁসাই ঘৰত বন্তি জ্বলাই লক্ষ্মী দেৱীক আহ্বান জনায়।লক্ষ্মী পূজাৰ উপলক্ষ্যে বজাৰত পূজা নানা বিধ সামগ্ৰীয়ে ভৰি পৰা পৰিলক্ষিত হৈছে।পঞ্জিকা অনুসৰি আজি ৫.৩০ৰ পৰা লক্ষ্মী পূৰ্ণিমাৰ তিথি আৰম্ভ হ’ব।

Comments (0)
Add Comment