আদৰণীয় পদক্ষেপ-কৰ্ম সংস্কৃতিৰে নতুন গতি

আদৰণীয় পদক্ষেপ-কৰ্ম সংস্কৃতিৰে নতুন গতি

সচৰাচৰ আপুনি বা আমি এটা কথা শুনা পাও যে আমাৰ উঠি অহা প্ৰজন্ম  নিস্কৰ্ম,এলেহুৱা!কৰিব লগা কাম থাকিলেও কামৰ প্ৰতি আগ্ৰহ নাই। কোনোৱে হয়টো আপোন গৃহ ,গাওঁ খন এৰি পেটৰ তাড়নাত  ঢ়াপলি মেলিছে বৰ্হিৰাজ্যলৈ.. অথচ ঘৰৰ বা গাৱতে তেওঁলোকৰ বহু মাটি আছে যদিও খেতি কৰিবলৈ লাজ কৰে, শংকা কৰে। এই সকলোবোৰ কথা নস্যাৎ কৰি এজাক উদ্যমীৰ প্ৰচেষ্টাত আৰম্ভ হৈছে এক কৃষি বিপ্লৱৰ।এই সু খবৰটো কঢ়িয়াই আনিছে অসমৰ বিভিন্ন ঠাইৰ সদস্য ৰে গঠিত কৰ্ম সংস্কৃতিৰে নতুন গতি শীৰ্ষক এক গোটে।

IMG-20160906-WA0003

আচলতে কথাতে কয় মন কৰিলে চন হয়। আশা-আকাংক্ষা যদি দৃঢ় হয়, কোনো প্ৰাচীৰে ৰোধিব নোৱাৰে। একমাত্ৰ ফেচবুকৰ জৰিয়তে মিলিত হৈ এই গোটৱে প্ৰশংসনীয় কামৰ অংশীদাৰ হৈছে। উল্লেখযোগ্য যে বৰ্তমান গোট টো ১৫জন সদস্য আছে। গোট টোৰ সম্পৰ্কে জানিব বিচাৰাত গোটৰে মুল ব্যক্তি ৰঞ্জিত উপাধ্যায়ে NE FOCUS ক এনেদৰে জনায়…. আমি বহু সময়ত চাকৰি চাকৰি কৈ হাবাঠুৰি খাও,উপাৰ্জনৰ পথ বিচাৰি নাপাও। কিন্তু আমাৰ প্ৰত্যেকৰে চাকৰি নহলেও খেতি মাটি কিছু আছে। ভাবিলো, খেতি কৰিয়েইচোন স্বাৱলম্ববী হ’ব পাৰো। সেয়ে সমুহীয়াকৈ খেতি কৰাৰ উদ্দেশ্যে প্ৰথমে ফেচবুকত এটা আপডেট দিও। মোৰ এই প্ৰচেষ্টাত বহুতে সহাঁৰি আগবঢ়ালে। তাৰ পিছত মনে মিলা কেইজনমান একত্ৰিত হৈ আমি কৰ্ম সংস্কৃতিৰে নতুন গতি নামেৰে এটা গোট গঠন কৰো। এয়াই আৰম্ভণি…..।

IMG-20160906-WA0009

আমাৰ গোটৰ প্ৰতিজন সদস্য,যদিও আজিলৈকে দেখা হোৱা নাই,বা একলগ হোৱা নাই বিস্বাসৰ ভিত্তিতে  মোৰ একাউণ্টত ২০০০ টকাকে ১৫ জনে জমা ৰাখে। সেই টকাৰে দুধনৈৰ পৰা উন্নত জাতৰ কল পুলি কিনি আনো। আৰু মোৰ বাৰীৰ অৰ্থাৎ বিশ্বনাথ চাৰিআলিৰ ২ বিঘা মাটিত কল পুলি  সমুহ  সদস্যৰ সামুহিক প্ৰচেষ্টাত ৰোপন কৰো।

IMG-20160906-WA0011

উল্লেখযোগ্য যে,কৰ্ম সংস্কৃতিৰে নতুন গতি শীৰ্ষক গোটটোত অসমৰ বিভিন্ন ঠাই যেনে শদিয়াৰ গোপাল কাফলে, ধেমাজীৰ হিৰকজ্যোতি ডেকা, আমগুৰিৰ মিঠুন টায়ে, পাঠশালাৰ ত্ৰিদিপ ঠাকুৰীয়া, মৰাণৰ ৰাজেন চেতিয়া, ছিপাঝাৰৰ আব্দুল জলিল, নলবাৰীৰ সুন্দন ডেকা, ঠেলামৰাৰ দক্ষিণা গজুৰেল, দুধনৈৰ দেৱব্ৰত ৰাভা, বিশ্বনাথ চাৰিআলিৰ বাবু বৰ্মন, মঞ্জিত গজুৰেল, ৰঞ্জিত উপাধ্যায়, গোলাঘাটৰ হেমন্ত মহন্ত, প্ৰবিন দাস, গোপাল তামাঙ আদি জৰিত হৈ আছে।

স্মতৰ্ব্য যে এই গোট সহযোগত জাতিলাও’ খেতিৰ বাবে যো জা চলি আছে। এই ক্ষেত্ৰত  গোট টোৰ লগত ওতঃ প্ৰোতভাৱে জৰিত থকা গোলাঘাটৰ হেমন্ত মহন্তৰ মতে আমি অৰ্গেনিকভাৱে সাৰ প্ৰস্তুত কৰি কৃষি কৰ্ম কৰো।কম পইচা খটুৱাই অধিক লাভ হব পৰা কৃষিক আমি অগ্ৰাধিকাৰ দিও।আমাৰ কৃষিকৰ্মৰ জৰিয়তে বহুকেইগৰাকী নিবনুৱাই আৰ্থিক দিশত স্বাৱলম্বী হৈছে।কৰ্ম সংস্কৃতিৰে নতুন গতিয়ে নতুন দিগন্ত সুচনা কৰক।হাজাৰ জনে এনে আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হওক। NE FOCUS য়ে জনাইছে বহু শুভকামনা।

 
 

Comments (3)
Add Comment
  • RG_TEA GARDEN

    সুন্দৰ পদক্ষেপ ।

  • Bhuban Bhattarai

    হয় মই নিজেই ৰঞ্জিত দাক লগ পাইছোঁ ।তেওঁ বহুত সহজ সৰল ।

  • Bikash Kalita

    Ranjit da val lagil, moi dekhar pora atialoi nicchoi utpadon aromvo hoise, akou adin ahim. Apuni adarxo nabaprajanmor babe.. Ami utsahito aru anupranito..