ইণ্টাৰনেচনেল আগৰ উদ চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

বুধবাৰে খুমটাই সমষ্টিৰ ডাবিডুবিত আধাৰশিলা স্থাপন হ’ল ইন্টাৰনেচনেল আগৰ উদ চেন্টাৰৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰাৰ পাছতেই এতিয়া সাঁচি ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ সমান্তৰালকৈ অঞ্চলবাসীও উৎফুল্লিত হৈ পৰিছে ।উল্লেখযোগ্য যে খুমটাই সমষ্টিৰ বিভিন্ন প্ৰান্তত বিশেষকৈ নাহৰনি,বাতিপৰীয়া,মেলামৰা আদি বিভিন্ন অঞ্চলত সাঁচি উদ্যোগে বহু দিনৰ আগৰে পৰাই জীৱিকাৰ মূল উৎস হিচাপে পৰিসৰ লাভ কৰি আহিছে।
 
এতিয়া ইন্টাৰনেচনেল আগৰ উদ চেন্টাৰৰ উপস্থিতিয়ে সাঁচি উদ্যোগৰ লগত জড়িত লোকসকলক সাঁচিৰ ব্যৱসায়ত অধিক লাভৱান কৰিব বুলি আশাবাদী হৈ পৰিছে।বৰ্তমান বন্ধ হৈ পৰা কুশল কোঁৱৰ সুতা কলৰ স্থানতেই ইন্টাৰনেচনেল আগৰ উদ চেন্টাৰ প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰাতো এক ইতিবাচক পদক্ষেপ হিচাপে পৰিগণিত হৈছে।আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,অতুল বৰা আৰু খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া।

Comments (0)
Add Comment