একে ৰাতিৰ ভিতৰতে ভাইৰেল হোৱা এখন ফটো

জাতি আৰু জাতীয় সত্বা ৰক্ষাৰ বাবে প্ৰত্যকজন অসমীয়াই মনতে পণ কৰা সময়তে কথাৰে নহয়, কামৰে আদৰ্শ দেখুৱালে এজন যুৱকে। যুৱকজনৰ নাম অক্ষেন্দ্ৰ কলিতা। ঘৰ পাঠশালাৰ উত্তৰ পটীত। যুৱকজনে আপডেট দিয়া এটা পোষ্টে একে ৰাতিৰ ভিতৰত জনপ্ৰিয়তাৰ শিখৰত উঠালে‌। এই বিশেষ পোষ্ট হ’ল অসমীয়া গামোচাৰে আৰু জাপিৰে নিৰ্মিত এটা ছাতিৰ ফটো। দেখাত খুবেই মনোমোহা। এই ছাতিটোৱে সকলোকে আকৰ্ষণ কৰিলে। ছাতিটো বিচাৰি শদিয়াৰ পৰা ধুবুৰীলৈ অসংখ্য গ্ৰাহকৰ সমাগম ঘটিল কলিতাৰ ঘৰলৈ। ছাতিটো বিয়া অথবা ফেচনৰ বাবে খুবেই উপযোগী। ৰঙা ৰঙৰ গামোচা, পাট সূতা, ৰুলেক্স দি বনোৱা ছাতিটো চিলোৱা হৈছে মেচিনত।

ছাতিটোৰ আঁৰৰ যুৱকজন-

এজন সহজ সৰল সাধাৰণ যুৱক। যিয়ে কোনো ব্যৱসায়ৰ স্বাৰ্থ ফটোখন ফেচবুকত আপলোড কৰা নাছিল। আপলোড কৰিছিল কেৱল মনে ভালপোৱা কাম টোক বন্ধুসকলক দেখুওৱাৰ উদ্দেশ্যেৰে। 

গামোচাৰ ছাতিৰ ধাৰণাটো-

সৰুৰে পৰা হস্তশিল্পৰ যি কোনো বস্তু বনাই ভালপোৱা অক্ষেন্দ্ৰই কিছু বছৰৰ পৰাই ৰাখী (সুতাৰে) বনোৱা কামত অৰ্ডাৰ পাইছিল। এজন বন্ধুৰ পৰা পোৱা পৰামৰ্শৰ ভিত্তিত উৎসাহিত হৈ জনা নজনাকৈয়ে গামোচাৰ ছাতিটো বনায়- এই মন্তব্য অক্ষেন্দ্ৰ কলিতাৰ।

অক্ষেন্দ্ৰ কলিতাই কি ক’লে nefocous.com ক-

ছাতিটো কোনো ব্যৱসায়িক স্বাৰ্থত বনোৱা নাছিলো। বন্ধুক বিয়াত উপহাৰ দিবলৈহে বনাইছিলো। মোৰ এখন ষ্টেচনাৰী দোকান আছে। দিনৰ অধিকাংশ সময় দোকানত যায়। ৰাতিৰ ভাগতহে এনেধৰণৰ কাম কৰো। এতিয়ালৈকে ছাতি বনোৱাটো ব্যৱসায় হিচাপে ল’ম বুলি ভবা নাই যদিও সময়ত দেখা যাব। ছাতিটো যদি সাধাৰণ গামোচা দি বনাও মূল্য ২০০০ টকাৰ ভিতৰত আৰু পাটৰ কাপোৰ দি বনালে ৫০০০ টকাৰ ভিতৰত হ’ব। সৃজনশীল মনৰ কৰ্মোদমী যুৱকজনক nefocus.com ৰ ফালৰ পৰা জনাইছো বহুত শুভকামনা। এনেদৰে নৱ প্ৰজন্মৰ প্ৰতিজনে উজ্বলি উঠক, অক্ষেন্দ্ৰ কলিতা আদৰ্শ হৈ ৰওক।

Comments (2)
Add Comment
  • Jonmani Kalita

    Bor dhuniya aru akorkhoniyo sati..Teor Kormo obhijan enekoi otut thakok..agoloi o enekua akorkhoniyo Hostohilpo dekha puar akha rakhisu..dhonyobad?