এক ব্যতিক্ৰমী দেৱ দেৱীৰ প্ৰতিমাৰ কথাৰে

এক ব্যতিক্ৰমী দেৱ দেৱীৰ প্ৰতিমাৰ কথাৰে
এখন ব্যতিক্ৰমী পূজা। যিখন পূজা মণ্ডপত আপুনি দেখিবলৈ পাব বাতৰি কাগজেৰে নিৰ্মিত দেৱীৰ প্ৰতিমা। ১,২ কেজি নহয় সম্পুৰ্ণ ৩০ কেজি বাতৰি কাগজেৰে নিৰ্মান কৰি উলিয়াইছে দেৱ দেৱীৰ প্ৰতিমা।
PicsArt_09-27-05.28.07
যোৰহাটৰ কাঠনিবাৰীৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ অঞ্জন তামুলীয়ে যোৱা ২ বছৰৰ পৰা এনেদৰে ব্যতিক্ৰম ধৰণে প্ৰতিমা নিৰ্মাণ কৰি আহিছে । 
PicsArt_09-27-05.28.54
লক্ষ্যণীয় ভাৱে কৈলাস পৰ্বতৰ আৰ্হিত নিৰ্মিত মণ্ডপৰ ভিতৰ ভাগত এখন কাগজৰ নাৱত দেৱীক অধিষ্ঠিত কৰিছে। গুলি সুতা, আঠা, প্ৰতিমা সমুহ নিৰ্মানত ব্যৱহৃত  হৈছে। উল্লেখযোগ্য যে সম্পূৰ্ণ বৈদিক ৰীতিৰে প্ৰতিমা সমূহক পূজন কৰা পৰিলক্ষিত হৈছে।ইয়াৰ সামান্তৰালকৈ বৰ্তমান সময়ত প্ৰায় লুপ্তপ্ৰায় হোৱাৰ উপক্ৰম হোৱা আইতাই আৰু নাতিয়েকক সাধুকথা কোৱা প্ৰতিচ্ছবি আৰু বানপানীৰ ভয়াবহতাৰ প্ৰতিচ্ছবি প্ৰদৰ্শনীৰ জৰিয়তে ৰাইজক বাৰ্তা বিলাবলৈ সক্ষম হৈছে। অঞ্জন তামুলীৰ এনে প্ৰচেষ্টাই সকলোকে দৃষ্টি আৰ্কষণ কৰিছে।
PicsArt_09-27-05.29.29
Comments (0)
Add Comment