এজন সফল উদ্যমীৰ কথাৰে

প্ৰতিজন সফল মানুহৰে পৰা আমি শিকিবলীয়া বহুত কথা থাকে। অভিভাৱকসকলে নিজৰ সন্তানক ভালকৈ পঢ়া, ডাঙৰ হ’লে চাকৰি কৰিব লাগিব বুলি কোৱাতকৈ ডাঙৰ হ’লে চাকৰি দিব লাগিব বুলি শিক্ষা দিয়াতোহে উচিত। এক কথাত ক’বলৈ গ’লে আমি ডাঙৰ সপোন দেখিব লাগে। দিনত দেখা সপোনৰ পৰিসৰ বহল হ’লেহে সৰু সৰু কামবোৰ সহজতে সমাধান হয়। এই মন্তব্য এগৰাকী উদ্যমীৰ। নিজৰ ব্যক্তিগত জীৱন আৰু অভিজ্ঞতাৰ পোৱা শিক্ষাক এইদৰে প্ৰজন্মৰ মাজত বিলাই ফুৰিছে। 
আচলতে সমস্যাবোৰ যেতিয়া আহে, তেতিয়া সমস্যাৰ লগত যুঁজ বাগৰ কৰিলেহে সমাধানৰ পথ বিচাৰি পোৱা যায়। সমস্যাৰ পৰা পলায়ন কৰাজন প্ৰকৃত মানুহ নহয়। আজিৰ যাৰ বিষয়ে লিখিবলৈ লৈছো তেখেতে ২৮ টকাৰ পৰা জীৱন আৰম্ভ কৰিছিল আৰু আজিৰ তাৰিখত তেওঁ সফল ব্যক্তি। বৰ্তমান সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক আৰ্থিক বৰঙণি আগবঢ়াই অহাৰ উপৰিও সমাজৰ বাবে, সমাজৰ আৰ্তজনৰ বাবে বহুতো কাম কৰিছে। লাভ কৰিছে বহু কেইটা ৰাষ্ট্ৰীয়  আন্তঃৰাষ্ট্ৰীয়  পৰ্য্যায়ৰ পুৰস্কাৰ।
 
তেখেত কোন জানেনে? তেখেত হৈছে অমৰদ্বীপ পাল। এজন সামাজিক উদ্যমী, তেখেতে NEEDS নামৰ বে-চৰকাৰী সংস্থাটো প্ৰতিষ্ঠা কৰিছে। যাৰ জৰিয়তে বিভিন্ন সময়ত বিভিন্নজনে সহায়ৰ হাত বিচাৰি পাইছে। আমি কথা পাতিছিলো অমৰদ্বীপ পালৰ সৈতে… তেখেতে আমাক এইদৰে কয়… NEEDS এটা সামাজিক সংগঠন। NEEDS য়ে বিভিন্ন সময়ত উত্তৰ পূৰ্বৰ লোকসকলকৰ আৰ্থ সামাজিক বিকাশৰ বাবে কাম কৰি আহিছে। বিশেষকৈ মেধাৱী দুখীয়া ছাত্ৰ-ছাত্ৰীক পঢ়াৰ বাবেই হওঁক অথবা কোনো আৰ্থিকভাৱে দুৰ্বলজনকেই হওঁক বিভিন্ন সময়ত সহায় কৰি আহিছে। NEEDS  ৰ Customer Care Card ৰ জৰিয়তে প্ৰতিজন ব্যক্তিয়ে নিত্য ব্যৱহাৰৰ সামগ্ৰী স্বত:স্ফুত ভাবে ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰে। আমি জানিব বিচাৰিছিলো NEEDS ৰ প্ৰতিষ্ঠাপক অমৰদ্বীপ পালৰ পৰা তেখেতে কি দৰে NEEDS ৰ লগত সম্পৰ্কিত হ’ল… তেখেতে এইদৰে কয় পেটৰ তাড়নাতেই আৰু জীৱন যুঁজ কৰাৰ মানসিকতাৰ বাবে হওঁক প্ৰতিটো দিনতেই জীৱনৰ  সংগ্ৰাম কৰিছো।
ইয়াৰ বাবে বহু সময়ত বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হৈছো। সময় আৰু সুযোগকে সাঁৰথি কৰি জীৱনত অগ্ৰসৰ হ’বলৈ শিকিলো। এংকৰিং, মাৰ্কেটিঙেৰে, জীৱন আৰম্ভ কৰি নিজৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ বলত আজি এনেদৰে এই আসনত বহিবলৈ সক্ষম হ’লো।
উল্লেখযোগ্য NEEDS Customer Care Card ৰ সেৱা সমগ্ৰ উত্তৰ পূবতেই প্ৰথম। NEEDS আৰু অমৰদ্বীপ পালৰ এই যাত্ৰা অব্যাহত থাকক, আমি জনালোঁ বহু শুভকামনা।
Comments (0)
Add Comment