এজন সামাজিক উদ্যমীৰ কথাৰে

মহাজন দেউতা, আপোনাৰ চাবুকৰ কোব খাই খাই  আমাৰ গাৰ চালবোৰ গড়ৰৰ চালতকৈ দাঠ হৈ গৈছে। এয়া কোনো বিখ্যাত নাট্যকাৰৰ নাটকৰ ডায়’লগ নহয়। বিশ্বাস কৰিব ! আপ্ত বাক্যকেইশাৰী অলপ অলপ বুজা, লিখিব নোৱাৰাৰ বয়সৰ এটা শিশুৰ মুখত বিৰ বিৰাই থকা ডায়’লগ । আচলতে কিছুমান প্ৰতিভা কিছুসংখ্যক মানুহৰ জন্মগত। সেয়েহে একাংশ ব্যক্তিৰ সাক্ষ্যাৎকাৰৰ মূৰ্হত্বত আমি প্ৰায়েই শুনা পাওঁ – এনেবোৰ গুণ চাগে আমাৰ তেজতেই আছিল, জণ্মগত ভাবে অধিকাৰী হৈছিলো । ঠিক তেনেদৰে কৈ গ’ল এগৰাকী সামাজিক উদ্যমীয়ে। 

তেওঁৰ নাম কোৱাৰ আগতে জনাই ল’ও, তেওঁ কিদৰে সামাজিক দিশত অৰিহণা যোগাইছে। “ভূলতে এবাৰ হ’লেও ভাল পাও বুলি কোৱা” জনপ্ৰিয় কবিতা পুথিয়ে এসময়ত সমগ্ৰ অসমত খলকনি সৃষ্টি কৰিছিল। বিশেষকৈ “ঐয়া” কবিতা পুথিখনৰ আকাৰ আছিল অস্বাভাবিক । দেখাত জুইশালা বাচকৰ সদৃশ । সেয়েহে এসময়ত সংবাদ পত্ৰত খবৰে সংবাদ শীৰ্ষ লাভ কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে কলেজত পঢ়ি থকা দিনতে সাহিত্য একাডেমী ফালৰ পৰা স্কলাৰচিপ লাভ কৰিলৈ সক্ষম হৈছিল। ইখনৰ পিছত সিখনকৈ দৈনিক বাতৰি কাকত আলোচনী, কবিতা প্ৰকাশ পাইছিল । তেওঁ উজ্বল পাওগাম । কবি, সমাজ সেৱী, উদ্যমী । NE Focus ফালৰ পৰা পাওগামৰ কবিতা সৃষ্টিৰ প্ৰাৰম্ভিক অবস্থাৰ সম্পৰ্কে জানিব বিচৰাত এনেদৰে কয়- আচলতে মই নিচেই সৰু কালৰ পৰা চন্দ মিলাই কবিতা লিখা আৰম্ভ কৰিছিলো । গাঁৱৰ পৰিবেশত (নকছাৰী গান্ধীয়াৰ) ডাঙৰ দীঘল হৈছিলো । গাওঁ, গাৱৰ নৈ প্ৰকৃতি মোৰ কবিতা সৃষ্টিৰ অন্যতম প্ৰেৰণা । সেইখিনিয়ে মোক প্ৰেৰণা দিয়ে আৰু দি আছে।

উল্লেখযোগ্য যে কবি উজ্বল পাওগাম “শব্দ” নামৰ এখন প্ৰকাশনৰ জৰিয়তে নৱপ্ৰজন্ম লেখক সমূহ আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা ব্ৰতী হৈ আছে । চৰকাৰী চাকৰিৰ মোহত নপৰি উদ্যমী হৈ সংগ্ৰামী জীৱন নাটকৰ আদিপাঠ ৰচিছিল । অৱশেষত তেওঁৰ কষ্ট, শ্ৰম, সাহস অথলে নগ’ল। সেয়ে আজি উজ্বল পাওগামৰ পৰিচয় “শব্দ” ৰ গৰাকী হিচাপে । এইবোৰৰ উপৰিও শব্দৰ উদ্যোগত শৈক্ষিক ন্যাস এটা চলাই আছে। যাৰ জৰিয়তে আৰ্থিক ভাবে পিছপৰা, মেধাৱী মেট্ৰিকত সুনাম কৰা ৩ জনক প্ৰতিবছৰে বিনামুলীয়াকৈ স্নাতকলৈ পঢ়োৱাৰ সম্পূৰ্ণ দায়িত্ব বহন কৰি আহিছে। আনহাতে সাংস্কৃতিক কৰ্মী হিচাপে গাঁৱৰ অঞ্চলৰ নাটকৰ লগত জড়িত সকলৰ প্ৰতিভা সমূহ বিশ্বসভালৈ উলিয়াই নিয়াৰ মহান দায়িত্ব কান্ধ পাতি সম্পন্ন কৰি আহিছে। শেহতীয়াকৈ “দকচিৰি” নামৰ আলোচনীৰ জৰিয়তে নবীন প্ৰবীন লেখকক এখন মঞ্চ দিবলৈ সক্ষম হৈছে। উজ্বল পাওগামৰ পৰা “দকচিৰিৰ” সন্দৰ্ভত জানিব বিচাৰাত এনেদৰে কয়- দকচিৰি হ’ল মিচিং ভাষাৰ শব্দ। যাৰ অৰ্থ হ’ল মুকুতাৰমালা । ইতিমধ্যে আমাৰ আলোচনী খনে সমগ্ৰ অসমৰৰ লগতে দেশৰ বিভিন্ন ঠাইলে গৈছে। পাঠকৰ পৰা খুব ভালধৰণৰ সহাঁৰি পাইছো।

ভবিষ্যত পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰত পাওগামে স্বভাৱসুলাভ হাঁহিৰে নিদিষ্ট সীমনা নোহোৱা কথাকে ইংগিত দিলে । আজি আপোনালোকক জনোৱা সামাজিক উদ্যমী গৰাকীৰ ব্যক্তিত্ব, কাহিনী কৈ এই লেখাত শেষ কৰাতো সম্ভৱ নহয়। এয়া মাথো হাতী মাৰি ভুৰুকাত ভৰোৱা সদৃশ এক প্ৰচেষ্টা ।

প্ৰিয় পাঠক আপোনাৰ মৰমৰ nefocus.com জন্ম লভিছিলে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ভাল খবৰবোৰ দাঙি ধৰা, আৰু উচিত প্ৰতিভাৰ সঠিক মূলায়ন কৰি এখন মঞ্চ সৃষ্টি কৰাৰ উদেশ্যে । আমাৰ যাত্ৰা অব্যাহত থাকিব, মাথো হৈ ৰওক আমাৰ যাত্ৰাৰ সংগী ।

 

Comments (2)
Add Comment
  • DIPTI DEORI BORAH

    হয় এজন মানুহৰ কথা লিখিছে ,যিজনে সমাজৰ সুপ্ত প্ৰতিভাসমূহক মানুহৰ মাজলৈ নিবলৈ প্ৰতিজ্ঞা বদ্ধ |

    • admin

      ধন্যবাদ