এটা অনুষ্ঠানৰ আঁত ধৰি

সোণাৰাম হাইস্কুলত প্ৰাংগনত আজি সোণাৰাম হাইস্কুলৰ প্ৰতিষ্ঠাপক সোণাৰাম ৰাজমেধীৰ নাতি বোৱাৰী স্বৰ্গীয় বন্দনা দাসৰ পৱিত্ৰ স্মৃতিত ৰাজমেধীৰ পৰিয়াল বৰ্গ আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে ছাত্ৰ -ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনাৰ বাবে ভলীবল কৰ্টখন উচৰ্গা কৰে ।লগতে প্ৰাক্তন ছাত্ৰ আমেৰিকা নিবাসী প্ৰবাসী ভাৰতীয় ডাক্তৰ নয়ন দাস ,ডাক্তৰ জিতেন দাস প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সাধাৰণ সম্পাদক দেৱান ধ্রুৱজ্যোতি মৰলে ফুটবল , ভলীবল , বাস্কেট বল ,পাম্পৰ লগতে বিভিন্ন খেলৰ সামগ্ৰী প্ৰদান কৰে । সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মঞ্জু বৰ্মনে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধন বাবে সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সকলে আগবাঢ়ি আহাৰ বাবে আদৰণি জনাই প্ৰাক্তন ছাত্ৰ সকলক শলাগ লয় ।উক্ত অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক শিক্ষক ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰ জগদীশ দাস আফলুৰ ৰহমান কাদিৰ ৰহমানকে ধৰি প্ৰাক্তন ছাত্ৰ সকল উপস্থিত থাকে ।

Comments (0)
Add Comment