কাহিকুছি গাঁও পঞ্চায়তত প্ৰকৃত হিতাধিকাৰীক পি.এ. ওৱাইৰ গৃহ আবণ্টনৰ তৎপৰতা

দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা যিসকল লোকৰ থাকিবৰ বাবে উপযুক্ত গৃহ নাই তেনে প্ৰকৃত হিতাধিকাৰীক প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ (পি.এ. ওৱাই) অধীনত গৃহ আবন্টনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ কাহিকুছি গাওঁ পঞ্চায়তে।
 
এই তৎপৰতাৰ অংশ হিচাপে কাহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া আৰু ৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্য ৰজিদা বেগমৰ নেতৃত্বত ৰাণী উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ৰ এটা দলে ২০ অক্টোবৰত সংখ্যালঘু বসতি প্ৰধান বঙৰা পাচনিয়াপাৰাৰ ইছলামপুৰ অঞ্চল পৰিদৰ্শন কৰে। উক্ত অঞ্চলটোৰ কোন কোন প্ৰকৃত হিতাধিকাৰীক গৃহ আবণ্টন দিব লাগিব তাৰ এক চৰজমিন জৰীপ চলায়। জৰীপ কাৰ্যৰ সময়ত ৰানী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সহকাৰী অভিযন্তা শংকৰ দাস, গাণনিক অখিল কলিতা, গাঁও পঞ্চায়ত সমন্বয়ক স্বপন কুমাৰ দাস, কাঁহিকুছি গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ সদস্য আজেদা বেগম উপস্থিত থাকে।
 
আনহাতে দলটোৱে পি.এ. ওৱাইৰ গৃহ পাবলগীয়া কেবাটাও হিতাধিকাৰীৰ গৃহ চৌহদ পৰিদৰ্শন কৰি তেওঁলোকৰ আৰ্থিক অৱস্থাৰ বুজ লয়। ইয়াৰ উপৰিও দলটোৱে অঞ্চলটোৰ ৰাইজৰ সৈতে বাট-পথ, খোৱাপানীকে ধৰি বিভিন্ন বিষয়ত মত বিনিময় কৰে। এই ক্ষেত্ৰত পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰজিদা বেগমে সকলো ধৰণৰ সহায়- সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।

Comments (0)
Add Comment