ক`ৰণাৰ সজাগতাৰ বাবে পঙ্কজ পল্লৱ শৰ্মাৰ চুটি ছবি

সাম্প্ৰতিক সময়ত ক`ৰণা মহামাৰীয়ে অসমৰ প্ৰতিজন লোককে প্ৰভাৱিত কৰিছে। ভয় আৰু শঙ্কাৰ মাজেৰে জীৱন অতিবাহিত কৰিব লগীয়া হৈছে। প্ৰতিদিন শ শ মানুহে অকালতে জীৱন হেৰুৱাব লগীয়া হৈছে কেবল ক`ৰণাৰ বাবেই । ইয়াৰ মাজতো কিন্তু কিছুমান এতিয়াও সজাগ হোৱা নাই। আজিও বহুজনে ক`ৰণাক ৰাজনীতি বুলিয়ে ভাবি আছে। এনে মানুহখিনিক ক`ৰণাৰ সঠিক জ্ঞান দিবলৈ প্ৰয়াস কৰিছে সংস্কৃতিৰ পূজাৰী পঙ্কজ পল্লৱ শৰ্মাই। যোৱা লকডাউনৰ সময়ত এই বিষয়ে নিৰ্মাণ কৰা ক`ৰণা নামৰ চুটিছবিয়ে যথেষ্ট চৰ্চা লাভ কৰিছে। সম্প্ৰতি নিৰ্মাণৰত এই চুটিছবিখনৰ নাম হৈছে”অদৃশ্যঘাটক”। অদৃশ্যঘাটকৰ ৰচনা আৰু পৰিচালনা পঙ্কজ পল্লৱ শৰ্মাৰ। ছবিখনৰ চিত্ৰগ্ৰহণ পঙ্কজ প্ৰকাশৰ ।ব্যৱস্থাপনা জয়ন্ত কুমাৰ ভূঞা আৰু ভাস্কৰ কলিতাৰ। চুটিছবিখনৰ চৰিত্ৰত বিভিন্ন অভিনয় কৰিছে প্ৰদীপ শৰ্মা, দিজেন দাস, ৰঞ্জন উপাধ্যায়, পৰমানন্দ নাথ, ধ্ৰুবজ্যোতি নাথ, , যাদব কুমাৰ কলিতা, দ্বিজেন তালুকদাৰ, ভাস্কৰ কলিতা, জয়ন্ত কুমাৰ ভূঞা জ্যোতিস্মিতা ভট্ট, ৰীণা দেৱী শিশু শিল্পী হিয়ামনি শৰ্মাই।চুটিছবিখন সাংস্কৃতিক পৰিক্ৰমা নামৰ ইউটিউব চেনেলত উপলব্ধ হ’ব।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই..

Comments (0)
Add Comment