খবৰৰ মাজে মাজে

আজি ৩০ জানুৱাৰী। মহামানৱ মহাত্মা গান্ধীৰ মৃত্যু দিৱস। সেই উপলক্ষে বাওঁ গণতান্ত্ৰিক মঞ্চৰ উদ্যোগত লক্ষীধৰ বৰা ক্ষেত্ৰৰ প্ৰাংগনত উদযাপিত হ’ল গান্ধীজীক সুৱঁৰি এক অনুষ্ঠান। সেই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড০ হীৰেন গোহাঁই উপস্থিত থাকি স্বাধীনতা সংগ্ৰামত সাধাৰণ জনসাধাৰণক জৰিত কৰাৰ ক্ষেত্ৰত মহামানৱ গৰাকীৰ ভূমিকাৰ সম্পৰ্কে মন্তব্য কৰে। লগতে কয় যে বহুতো অপশক্তিয়ে গান্ধীৰ হত্যাকাৰী নাথুৰামক এক অৱতাৰী পুৰুষ হিচাপে প্ৰতিষ্ঠা কৰাৰ অহৰহ চেষ্টা চলাই আহিছে। অনুষ্ঠানত ড০ হীৰেন গোহাঁয়ে গান্ধীক সাম্প্ৰদায়িক সম্প্ৰতিৰ এক প্ৰতীক আছিল বুলি অভিহিত কৰে। সোঁৱৰণী অনুষ্ঠানত চিপি আই এম, এন চি ডি, জানতা দল, আপৰ সমূহ কৰ্মকৰ্তাই অংশ গ্ৰহণ কৰে।

আনহাতে এপল’ হস্পিতাল গুৱাহাটীয়ে প্ৰথমবাৰৰ বাবে কাৰ্ডিয়াক ৰটাব্লেশ্বন প্ৰক্ৰিয়া সম্পন্ন কৰে। হস্পিতালখনৰ হৃদৰোগ চিকিৎসক ডা: ৰিতুপৰ্ন বৰুৱাৰ নেতৃত্বত অভিজ্ঞ চিকিৎসকৰ এটা দলে এই প্ৰক্ৰিয়া সম্পন্ন কৰে।এই প্ৰক্ৰিয়াটোৰ দ্বাৰা হৃদৰোগী সকললৈ সুখবৰ কঢ়িয়াই আনিছে বুলি সংবাদ মেল যোগে জানিবলৈ দিয়ে।


ইফালে আজি ‌অন্ত পৰিল উত্তৰ-পূব উদ্যমী মহিলাসকলৰ সমাৰোহ। উল্লেখ্য যে হস্তশিল্প, বেকাৰী, হস্তকলা, পৰ্যটন, মেডিয়া আদি বিভাগৰ বিশেষজ্ঞসকলে সমাৰোহখনত অংশগ্ৰহণ কৰি উদ্যমী মহিলাসকলক গঠনমূলক পৰামৰ্শ প্ৰদান কৰে। লগতে সমাৰোহখনত বিভিন্ন বেংকৰ লোন দাতাসকলে অংশ গ্ৰহণ কৰি পৰামৰ্শ প্ৰদান কৰে।

Comments (0)
Add Comment