চিফুং- Proud to be Local

চিফুং- Proud to be Local

IMG-20170627-WA0019

বৰ্ত্তমান সময়ত বাহিৰৰ ব্ৰেণ্ডৰ লগত ফেৰ মাৰিব পৰাকৈ বজাৰলৈ আহিছে চিফুং- Proud to be Local শীৰ্ষক এক ব্ৰেণ্ড। উদ্যমী যুৱক ভাৰ্গব দুৱাৰাই এই স্থানীয় ব্ৰেণ্ডটো আৰম্ভ কৰিছে। উল্লেখযোগ্য যে এই ব্ৰেণ্ডটোত স্থানীয় চাহপাতৰ লগতে টি- চাৰ্ট আৰু ম’বাইল কভাৰ উপলব্ধ আছে। ইতিমধ্যে asomiyahut.com নামৰ এটা online site য়ে চিফুং ব্ৰেণ্ডৰ কাপোৰ ব্যৱসায়িকভাৱে আগবঢ়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। স্মতৰ্ব্য যে চিফুং ব্ৰেণ্ডৰ টি চাৰ্টবোৰত অসমীয়া ফকৰা যোজনা, বৰগীত, জুবিন, পাপনৰ বিভিন্ন গীতৰ কলি, পৰ্যটনস্থলীৰ ছবি আকাৰে প্ৰিণ্ট কৰি চাৰ্টত সন্নিবিষ্ট কৰা হৈছে।

IMG-20170627-WA0020

আজি গুৱাহাটী প্ৰেচ ক্লাবত এই ব্ৰেণ্ডটো অনুষ্ঠানিক ভাবে মুকলি কৰি অভিনেতা নয়ন নিলিমে। অনুষ্ঠানত অধিবক্তা জোনমণি দেৱী খাউণ্ড, অসম আৰক্ষী বিষয়া মৃগেন শইকীয়াকে আদি কৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত আছিল।

1

Comments (1)
Add Comment
  • Bhaskar Jyoti Das

    I want to buy one t shirt. Please any contact for order