ছেংচুৱেৰী ৱাইল্ড লাইফ বঁটা- বিজু বড়োলৈ

সৰুৰে পৰা ফটোগ্ৰাফী আৰু খেলৰ প্ৰতি বহুত আকৰ্ষণ আছিল। ক’ৰবাত Wild Life ৰ ফটোগ্ৰাফী দেখিলে অথবা খেল হোৱা গ’ম পালে নোচোৱাকৈ থকা নাছিলো। ই প্ৰকাৰৰ হবি আছিল । এই হবিয়েই শেষত মই পেছা হিচাপে ল’বলৈ বাধ্য হ’লো। এই মন্তব্য ছেংচুৱেৰী ৱাইল্ড লাইফ বটাৰ সন্মানেৰে আন্তঃ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা প্ৰতিদিন কাকতৰ ফটো সাংবাদিক বিজু বড়োৰ।

উল্লেখযোগ্য যে মুম্বাইৰ National Centre of Performing Arts ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠান টোত বন্য জন্তু আৰু মানুহৰ সংঘাতৰ বিষয়টো অতি বাস্তৱসন্মতভাবে প্ৰতিফলিত হোৱাকৈ তোলা “ দ্যা টাইৰানি অৱ মেন শীৰ্ষক ফটোখনৰ বাবে এই বটা লাভ কৰে।

আচলতে এনেবোৰ কামত অগ্ৰসৰ হ’বলৈ হ’লে, একাগ্ৰতা, ধৈৰ্য্য, কষ্টসহিষ্ঞুতা আৰু আগ্ৰহ আটাইতকৈ প্ৰয়োজন । বিজু বড়ো ও ইয়াৰ ব্যতিক্ৰম নাছিল । জীৱনৰ কঠোৰতম সময়খিনিতো অতি দৃঢ় ভাবে নিজৰ লক্ষ্য খামুচি ধৰিছিল। এই সম্পৰ্কে nefocus ৰ ফালৰ পৰা হোৱা কথোপকথন বিজু বড়োৱে এনে দৰে কয়- কলেজত পঢ়ি থকা দিনৰে পৰা বিভিন্ন আলোচনী, কাকতত ফটো প্ৰেৰণ কৰিছিলো। কেতিয়াবা মই প্ৰেৰণ কৰা ফটোসমূহ প্ৰকাশ পাইছিল আৰু কেতিয়াবা নাপাইছিল। তেতিয়া বহু বেয়া লাগিছিল। মোৰ যিহেতু অত্যন্ত ৰাপ আছিল বিষয়টোৰ লগত, সেয়েহে কলেজ শেষ হোৱাৰ পিছতো এই বিষয়ে অধ্যয়ন কৰিছিলো। মই তোলা ফটো সমূহ বহুতে চাই খুবেই প্ৰশংসা কৰিছিল, যিয়েই পৰৱৰ্তী সময়ত আগবাঢ়িবলৈ প্ৰেৰণা যোগাইছিল এই ভাষ্য বিজু বড়োৰ।

স্মতৰ্ব্য যে ইতিমধ্যে বড়ো বহুকেইখন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় কাকত, আলোচনীত (নিজে তোলা) বন্য প্ৰাণী ফটোগ্ৰাফৰ প্ৰকাশ পাইছে। আৰু বহুকেইটা সন্মানেৰে সন্মানীত হৈ আহিছে । আচলতে এজন ফটো সাংবাদিকে বহু প্ৰতিকুলতে নেওচি, বহু সময়ত প্ৰাণলৈকো শংকা নকৰি ফটো সংগ্ৰহ কৰে। বিজু বড়ো ও এইসমূহৰ অন্যতম । বড়োৰ মতে তেওঁ সদায় বাস্তৱ চিত্ৰখন (ফটোৰ জৰিয়তে) দাঙি ধৰা প্ৰয়াস কৰে। এজন ফটো সাংবাদিকে স্বীকাৰ কৰি লগা সকলো ধৰণৰ কষ্ট একো বটাঁ বা সন্মানেৰে লগত তুলনা নহয়। এনেবোৰে তেওঁলোকক উৎসাহিত কৰে । স্মতৰ্ব্য যে ছেংচুৱেৰী ৱাইল্ড লাইফ বঁটাৰ লগত আছিল এখন মান পত্ৰ আৰু ২.৫ লাখ টকা । বিজু বড়ো আৰু আগুৱাই যাওক। তেওঁ লাভ কৰা এই সন্মানৰ বাবে NE Focus জনাইছে বহু শুভকামনা ।

Comments (0)
Add Comment