জিৰাফক চাহ বাগিছাৰ মাজত ৰাখিছে,কিন্তু কিয়

হাতীৰ উপদ্ৰপৰ পৰা ৰক্ষা পাবলৈ নুমলীগড় চাহ বাগিচাৰ কর্তৃপক্ষই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।ধলাগুৰি চাহ বাগিচাৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই ব্যৱস্থা।
 
উল্লেখযোগ্য যে ধলাগুৰি চাহ বাগিচাত চাহ বাগানৰ মাজত স্থাপন কৰিছে এক জিৰাফৰ  কাঠৰ প্ৰতিমূৰ্তি । চাহ বাগিচাৰ কর্তৃপক্ষই বিশ্বাস কৰে যে বনৰীয়া হস্তীয়ে এই জিৰাফক দেখিলে দূৰতে বিদূৰ হ’ব। সেইসূত্রে তেওঁলোকে জিৰাফৰ প্ৰতিমূৰ্তি বাগিচাত স্থাপন কৰিছে।
উল্লেখযোগ্য যে এই প্ৰকাণ্ড কাঠৰ জিৰাফটো দেখিলে বন্যহস্তী যাক আঁতৰি যায়।যি সময়ত হাতী মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে,সেই সময়ত বাগিচাৰ কৰ্তৃপক্ষই জিৰাফক বাগিছাত স্থাপন কৰি নিৰ্দশন দাঙি ধৰিছে।

Comments (0)
Add Comment