জোনবিলৰ পাৰ উখল মাখল

এক ঐতিহাসিক পৰম্পৰা,সমন্বয়ে উজলি উঠিছে জোনবিলৰ পাৰ।ঊল্লেখযোগ্য যে জাগীৰোডৰ সমীপৰ জোনবিল পাৰত কালিলে পৰা আৰম্ভ হৈছে জোনবিল মেলা।গোভা ৰজাৰ সাতামপুৰুষীয়া পৰম্পৰাৰ লগত সংগতি ৰাখি এই মেলাখন অনুষ্ঠিত হৈছে।এই জোনবিল মেলাখনে পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছে।কোনো মুদ্ৰাৰে বিনিময়ে নহয় ,কৃষিজাত সা-সামগ্ৰী বিনিময়েৰে একাংশ পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত সমন্বয় সাধন হয়।পূৰ্বৰ পৰম্পৰা অনুসৰি কালিলৈ গোভা ৰজাৰ ৰাজ দৰবাৰ বহিব ।আৰু সেই ৰাজ দৰবাৰত মধ্য অসমৰ তিৱা সম্প্ৰদায় ১৮ জন  ৰজাই অংশগ্ৰহণ কৰিব।পৰম্পৰা অনুসৰি আজি জোনবিল পাৰত মাছ মৰা, কুকুৰা যুজ্ঁ অনুষ্ঠিত হয়।মেঘালয়,কাৰ্বি পাহাৰৰ পৰা বিভিন্ন জনজাতি লোকসকলক ভৈয়ামৰ লোক সকলে মামা-মামী বুলি সম্বোধন কৰে।স্মৰ্তব্য যে কালি এই মেলা অন্ত পৰিব।

Comments (0)
Add Comment