ঢকুৱাখনাত জনজাতি উন্নয়ন পৰিষদৰ পাৱাৰ টিলাৰ বিতৰণ

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ জনজাতি উন্নয়ন পৰিষদৰ অন্তৰ্গত ৫ গৰাকী হিতাধিকাৰীৰ মাজত শনিবাৰে  অনুসূচীত জনজাতি উন্নয়ন বিভাগৰ দ্বাৰা আবন্তিত পাৱাৰ টিলাৰ বিতৰণ কৰা হয়।ঢকুৱাখনা মহকুমাধিপতিৰ কাৰ্য্যালয় প্ৰাংগণত অনুষ্ঠিত সামগ্ৰী বিতৰণ অনুষ্ঠানত ঢকুৱাখনাৰ বিধায়ক নৱ দলেয়ে মহকুমাধিপতি গুৰনেইল সিং , মহকুমা কল্যান বিভাগৰ  ভাৰপ্ৰাপ্ত বিষয়া ,সহকাৰী আয়ুক্ত মাচি তপ্ন ,জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ জয়ন্ত পাতিৰ আদিৰ উপস্থিতিত জনজাতি উন্নয়ন পৰিষদৰ দ্বাৰা আবন্তিত পাৱাৰ টিলাৰ সমূহ বিতৰণ পূৰ্বৰ শুভ উদ্ধোধন কৰে। শনিবাৰে বিধায়কৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে  মহকুমাটোৰ মুঠ ৫ গৰাকী হিতাধিকাৰীৰ মাজত ৫ খন পাৱাৰ টিলাৰ বিতৰণ কৰা হয়। শুভাৰম্ভনি অনুষ্ঠানত ভাৰপ্ৰাপ্ত মহকুমা কল্যান বিষয়া তপ্নই শীঘ্ৰে আৰু ৫ গৰাকী হিতাধিকাৰীৰ মাজত এই কৃষি কৰ্মত ব্যৱহৃত আৰু ৪ খন পাৱাৰ টিলাৰ বিতৰণ কৰা হ`ব বুলি জানিবলৈ দি  এই আঁচনিৰে উপকৃত  হিতাধিকাৰী সকলক অধিক  কৃষি উৎপাদনশীল কামত ব্রতী হোৱাৰ  আহ্বান জনায়। 
বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Comments (0)
Add Comment