দীপাৱলীৰ সময়ত ৰাজপথত সজাগতা সৃষ্টি কৰিলে এদল মহিলাই

সমাগত দীপাৱলী।এইবাৰ দীপাৱলীত মহানগৰীত ফটকা ফুটুৱা নিষেধাজ্ঞা জাৰি কৰা সময়তে সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে ওলাই আহিছে এদল প্ৰকৃতি প্ৰেমী।
 
 
এই পদক্ষেপক খোজত খোজ মিলাই খোজ দিছে এগৰাকী আই পি এছ বিষয়া। বিষয়া গৰাকীৰ নাম পাৰ্থসাৰথি মহন্ত। উল্লেখযোগ্য যে গ্ৰীণ অস্কাৰ বঁটা বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনৰ সৈতে শতাধিক মহিলাক লগত লৈ ৰাজপথত ৰিক্সাৰে ৰেলি উলিয়াই সজাগতা সৃষ্টি কৰিছে।
 
 
এছিয়াৰ ভিতৰতে দুষ্প্ৰাপ্য পক্ষী হাড়গিলা প্ৰজনন ক্ষেত্ৰ কামৰূপ জিলাৰ দদৰা পছতীয়া অঞ্চল।ফটকা আতজ বাজি শব্দৰ পৰা হোৱা শব্দৰ প্ৰদূষনে জীৱ জন্তু তথা পক্ষীকূললৈ অশনি সংকেট কঢ়িয়াই আনে।সেয়েহে এইবাৰ দীপাৱলীত স্থানীয় দহ হাজাৰ মহিলাই অঞ্চলটোত যাতে শব্দ প্ৰদূষণ সৃষ্টি নহয় ,তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিব।মহিলা কেইগৰাকীয়ে প্ৰকৃতি সংৰক্ষণৰ বাবে লোৱা এই পদক্ষেপক সচেতন মহলে শলাগ লৈছে।

Comments (0)
Add Comment