দেৱ-দেৱীৰ মূৰ্তি ৰ্নিমাণৰে প্ৰাণ প্ৰতিষ্ঠা কৰিব বিচাৰাজন


 
কচুগছৰ হালধীয়া (পকা) পাতেৰে হালধীয়া ৰং আৰু শিলিখাৰ ৰসেৰে সেউঁজীয়া ৰং প্ৰস্তুত কৰি, পেঞ্চিলে ৰে নিজা অঁকা ছবিবোৰক দেখনীয়া কৰি তোলাতো এক প্ৰকাৰ হবি আছিল তেঁওৰ । সৰুতে এবাৰ স্কুলৰ এখন বহীত ছবি অকাঁৰ বাবেই শিক্ষকৰ শাস্তিও ভোগ কৰিব লগা হৈছিল । কিন্তু তেওঁ কেতিয়াও নিজেই কৰি ভালপোৱা ছবি অকা কামটোৰ বিচলিত হোৱা নাছিল।
 
এনেদৰে অষ্টম শ্ৰেণীত পঢ়ি থাকোতে লাহে বেনাৰ, পোষ্টাৰ, চাইন বৰ্ড বনোৱাৰ কাম পাইছিল। কিন্তু সেইঁ সময়ত সেইটো পেছা লৈ জীৱন ৰ্নিবাহ কৰাটো সিমান সহজ নাছিল। আপুনি চাগে ভাবিছে ,আজি কাৰ কাহিনী লৈ আহিছো ।

ৰব! মানুহজন চিনাকি কৰাই দিছো। তেখেত ফনী তালুকদাৰ । পেছাত ভাস্কৰ্য্যবিদ, বৰপেটা জিলাৰ সৰভোগৰ বাসিন্দা।
 

 
ঘৰুৱা আৰ্থিক অসুবিধাৰ বাবে মেট্ৰিকলৈকে অধ্যয়ন কৰি শিক্ষা জীৱন সাং কৰে। ইয়াৰ পিছত ভাষা আন্দোলনৰ এজন সক্ৰিয় কৰ্মী হিচাপে সমাজৰ সেৱা আগবঢ়াই। জীৱন জীৱিকা পথ হিচাপে সৰভোগতে চিত্ৰদুত নামৰ এটা ষ্টুডিঅ’ খোলে যদিও নিজেই কৰি ভালপোৱা কামৰ তাড়নাতে ষ্টুডিঅ’টো বন্ধ কৰিব লগাত পৰে। আৰম্ভ কৰে জীৱনৰ অন্য এক যাত্ৰা ।
 
এসময়ত তালুকদাৰে সৃষ্টিশীল বিদ্যাৰ বিষয়ে জ্ঞাত হৈ পৰে। সেয়েহে পোনপ্ৰথমে বৰপেটাৰ সৰভোগৰ গৰখীয়া গোসাঁই থান পৰিচালনা সমিতিৰ সম্পাদকে মূৰ্ত্তি নিৰ্মাণৰ প্ৰস্তাৱ ৰাখে। এই সম্পৰ্কে ফনী তালুকদাৰে আমাক এনে দৰে জনায় – প্ৰথমে ছবিৰ জৰিয়তে মূৰ্ত্তি সমূহৰ নক্সা বনাই দেখাইছিলো । তেখেতৰ পছন্দ হোৱাত মোক মূৰ্ত্তি সমুহ, ভাস্কৰ্য্য সমূহ নিৰ্মাণৰ পৰামৰ্শ দিয়ে। সেইয়াই আৰম্ভণি।
 

উল্লেখযোগ্য যে ফনী তালুকদাৰে গোৱালপাৰা, বৰপেটা, নলবাৰী, হোজাই, বঙাইগাঁও কে আদি কৰি বহুকেইখন জিলাৰ নামঘৰৰ তোৰণ, দেৱ-দেৱীৰ মূৰ্ত্তি, বিখ্যাত ব্যক্তিৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰিছে। তেখেতৰ কলা কৌশলীত আৰু একাণপতীয়া প্ৰচেষ্টাৰ চিন স্বৰূপে বৰনগৰ ৰঙালী বিহু সন্মিলনে কলা ভাস্কৰ উপাধিৰে বিভূষিত কৰিছিল। ইয়াৰ উপৰিও বৰপেটা জিলাৰ ছাত্ৰ সন্থাৰ পৰা সম্বৰ্দ্ধিত হোৱাৰ লগতে ২০১৬ চনৰ ১৫ আগষ্টত “ভাস্কৰ্য্য শিল্পী” হিচাপে বৰনগৰ ৰাজহ চক্ৰৰ বটাঁ দিয়ে । বিভাগীয় কৰ্তৃপক্ষই সহায় সহযোগিতা আগবঢ়ালে ভবিষ্যতে ভাস্কৰ্য্য কলা কেন্দ্ৰ খোলাৰ আশা পুঁহি ৰাখিছে।
 

Comments (6)
Add Comment
  • Manash pratim talukdar

    I m proud to my dad …And thnk you nefocus

  • Manash pratim talukdar

    of

  • sanjib das

    Nice

  • Bikash Patgiri

    barnagar r gourab

  • Debasish Das

    A great artist…. and a great person..
    He should receive acknowledgement by the government…. A man of many talents

  • Manash pratim talukdar

    I m feeling proud f my fathar…he is just awsm