ধূপকাঠীৰ ব্যৱসায়ৰে স্বাৱলম্বী কুলদীপ

কোনো কামেই সৰু নহয়। একাগ্ৰতাৰে লাগি থাকিলে সৰু কামটোও ডাঙৰ হৈ পৰে। আজি যাৰ বিষয়ে লিখিবলৈ লৈছো তেওঁ ধৈৰ্য্য আৰু একাগ্ৰতাৰে জীৱনৰ সোপান ৰচিছে।

সঁচা কথা ক’বলৈ হ’লে উদ্যমী হ’বলৈ হ’লে কোনো বিশেষ শিক্ষা দিক্ষাৰ প্ৰয়োজন নাই। প্ৰয়োজন মাথো মনৰ উদ্যম আৰু কৌশলৰ। এই দুয়োবিধকে সাৰথি কৰি জীৱনৰ বাট বোলা অন্যতম উদ্যমী হ’ল কুলদীপ শৰ্মা। তেজপুৰৰ ঢেকিয়াজুলিৰ কুলদীপ শৰ্মাই ধূপকাঠিৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ লগতে ১৩টা পৰিয়ালক জীৱিকাৰ সন্ধান দিছে। জানিব পৰা মতে ডেৰ বছৰ মানৰ আগতে কুলদীপে ধূপকাঠিৰ ব্যৱসায় আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত এই ব্যৱসায়ত বিশেষ সফলতা লাভ কৰা নাছিল যদিও কুলদীপে ব্যৱসায় এৰি দিয়া নাছিল। সেয়েহে কুলদীপে সাক্ষাৎকাৰৰ সময়ত এনেদৰে কয়… কোনো এটা ব্যৱসায় আৰম্ভ কৰাৰ আগতে ব্যৱসায়টোৰ বিষয়ে জানি লোৱাটো অত্যন্ত জৰুৰী। মোৰ ফাৰ্মৰ নাম গুৰু এণ্টাৰপ্ৰাইজ আৰু আমাৰ ব্লু ডায়মণ্ড ধূপ আৰু অৰ্চনা ধূপ উৎপাদিত হয়। বৰ্তমান গ্ৰাহকৰ পৰা ভাল ধৰণৰ সহাঁৰি পাই আছো।

কোনো ব্যক্তিয়ে যদি ধূপকাঠী বনোৱাৰ প্ৰশিক্ষণ ল’ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ইতিমধ্যে ৩জন ব্যক্তিক প্ৰশিক্ষণ দিছো আৰু তেওঁলোকে নিজাকৈ উদ্যোগ প্ৰতিষ্ঠা কৰিছে। এই মন্তব্য কুলদীপ শৰ্মাৰ। স্বাৱলম্বীতাৰ নিদৰ্শনেৰে আদৰ্শ দেখুওৱা কুলদীপ শৰ্মা হাজাৰ জনৰ প্ৰেৰণাৰ উৎস হৈ ৰওক।

Comments (4)
Add Comment
  • Pankaj

    Good job Mr Kuldeep. You set the example of unemployed youths for Assam. Keep doing the good work and best of luck.

  • Bhrigujyoti saikia

    Good, keep it up. If possible can you provide training for Agarbati making??

  • Susmita Bhuyan

    Good job kuldip we proud of u ,keep it up

  • Dipak Phayel

    Good Job Kuldeep, my best wishes with you. Keep on doing…