নতুন খাদ্যৰ জুতি বিলাব খোজা চেফ গৰাকী

    ৰেষ্টুৰেণ্টৰ খাদ্যত কেতিয়াও মৰম নাথাকে,কেৱল থাকে প্ৰাইচ আৰু ডিমাণ্ড। কিন্তু ঘৰৰ খাদ্যত লগত স্বাস্থ্যৰ লগতে মৰম ও জড়িত হৈ থাকে। সেয়েহে মই সদায় ঘৰত বনোৱা খাদ্যক বেছি অগ্ৰাধিকাৰ দিও। নিজে বিভিন্ন ধৰণৰ খাদ্য বনাও আৰু সুযোগ সুবিধা পালে বেলেগকো ৰান্ধিবলৈ শিকাও। এই মন্তব্য অসমৰ এগৰাকী জনপ্ৰিয় চেফ জুমি আহমেদৰ।
 

মহানগৰীৰ উলুবাৰীৰ বাসিন্দা জুমি আহমেদ Foodies Lovers নামৰ এখন ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী। উল্লেখযোগ্য যে তেখেতে কলিকতাত অনুস্থিত হোৱা মাষ্টাৰ চেফ ইণ্ডিয়াত ৩য় ৰাউণ্ডলৈকে যাবলৈ সক্ষম হৈছিল। সেই সময়ত সঞ্জীৱ কাপুৰ, বিকাশ খান্নাৰ দৰে আগশাৰীৰ চেফৰ সানিধ্যত আহিছিল।
 

Nefocus ৰ ফালৰ পৰা হোৱা এক কথোপকথনত আহমেদে এনেদৰে কয়.. মই ১০-১১ বছৰ মান বয়সৰ পৰা ৰান্ধিবলৈ শিকিছিলো, ৰান্ধিছিলো। এই ক্ষেত্ৰত মোৰ মায়ে বহুত অনুপ্ৰেৰণা যোগাইছিল। এবাৰ এজনী মোৰ সম্বন্ধীয় বৌ ৰ লগত মুম্বাই গৈছিলো। বহু বছৰৰ আগৰ কথা। এদিন দেখা পাইছিলো যে এটা বাই লেনত বহু মাইকী মানুহ অহা –যোৱা কৰি আছে। খবৰ লৈ জানিব পাৰিছিলো যে তেঁওলোক কুকিং ক্লাছত গৈছে। মইও তাত ১৫দিনৰ বাবে জইন কৰিলো। গুজৰাটী, মাৰাঠী, পাঞ্জাৱী বহুত খাদ্যৰ ৰন্ধনশৈলীৰ বিষয়ে আয়ত্ব কৰো।
 

২০০৮ চনত এগৰাকী টেলিভিচনৰ এংকৰ আমাৰ ঘৰলে আহিছিল। মই ৰন্ধা খাদ্যৰে আপ্যায়ন কৰিছিলো। তেখেতে মই ৰন্ধা খাদ্য খাই খুবেই ভাল পাইছিল আৰু তেখেতে কৰ্মৰত DY365 চেনেলত এটা শ্ব”ৰ বাবে মাতিছিল । সেই শ্ব” ৰ পিছত অসমৰ বিভিন্ন চেনেলত, এফ.এম ৰ অনুস্থানত অংশগ্ৰহণ কৰিছো। ইয়াৰ পিছৰ পৰা জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হও। থলুৱা ব্যঞ্জন খাই ভাল পাও যদিও বেলেগক বিৰিয়ানী, কাবাবৰ পৰা আৰম্ভ কৰি মোগলাই, কেক, পৰাম্পৰাগত পিঠা আদিবোৰ বিশেষকৈ ৰান্ধি খুৱাও। উল্লেখ যোগ্য যে Foodies lover নামৰ ৰেষ্টুৰেণ্ট খনত উপলব্ধ খাদ্যসমুহ খুব বেছি দামৰ নহয়। বিৰিয়ানী এই ৰেষ্টুৰেণ্টৰ খুবেই জনপ্ৰিয় খাদ্য। ভবিষ্যতে ৰন্ধনৰ প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা আছে, যাতে সকলোৱে সুস্বাদু ভাবে বিভিন্ন খাদ্য প্ৰস্তুত কৰি খাব পাৰে, আন দহ জনকো খুৱাব পাৰে। ৰন্ধনৰ জৰিয়তে সমাজৰ বাবে কিবা এটা বিশেষ কৰিব বিচাৰা এই জনপ্ৰিয় চেফলৈ NE Focus ফালৰ পৰা অফুৰন্ত ওলগ যাছিলো।

Comments (1)
Add Comment
  • Madhab Das

    val lagil