ন ন উদ্ভাৱনে উজলি উঠিছে তিনিচুকীয়াৰ এজন যুৱক

তিনিচুকীয়াৰ এজন ব্যক্তিৰ উদ্ভাৱনে বিশেষ চৰ্চা লাভ কৰিছে ।তিনিচুকীয়া জিলাৰ ১০নং পাৰ্বতিপুৰ গাৱৰ শিক্ষক ৰাম শংকৰ কৈৰীয়ে ৱাটাৰ কাইনেটিক এনাৰ্জি শীৰ্ষক এটা প্ৰকল্প উদ্ভাৱন কৰিছে ।প্ৰকল্পটোৰ জৰিয়তে পুখুৰীৰ পানীৰ পৰা বিদ্যুত শক্তি উৎপাদিত হয় ।তেখেতে দাবী কৰিছে যে বোঁৱতী নদীত বান্ধ নিদিয়াকৈ সামান্য এখন ফেনৰ জৰিয়তে বছৰি চাৰি মেগাৱাট শক্তি উৎপাদন কৰিব পাৰিব।তেখেতৰ মতে এই প্ৰকল্পটো সৰু বৰ সকলো নদীতে স্থাপন কৰিব পাৰি ।ৱাটাৰ কেইনেটিক এনাৰ্জি নামৰ প্ৰকল্পটোৰ কৈৰীয়ে এটা বৈদ্যুতিক যাৰ উদ্ভাৱন কৰিছে।সাধাৰণ যতৰতকৈ চাৰি গুণ ক্ষীপ্ৰভাৱে চলা যতৰটো ইতিমধ্যে বহু গ্ৰাহকে ক্ৰয় কৰিছে।জানিব পৰা মতে যতৰটোৰ মূল্য ৬০০টকা।কৈৰীয়ে অলপতে যতৰটোৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হোৱা উদ্ভাৱন উৎসৱত প্ৰদৰ্শন কৰিছে।কৈৰীৰ আশা চৰকাৰৰ ফালৰ পৰা যদি আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে নিশ্চয়কে অনাগত দিনটো এনে বহু উদ্ভাৱন কৰি যাব ।

Comments (0)
Add Comment