ন ৰূপত অসমৰ জাতীয় সম্পদ

অসম আৰু অসমীয়া স্বকীয় পৰিচয় বহন কৰা দুই গুৰুত্বপূৰ্ণ সম্পদ হ’ল জাপি আৰু গামোচা।কিয়নো বহিঃৰাজ্যৰ পৰা অহা পৰ্যটকক উপহাৰ দিয়াৰ পৰা আৰম্ভ কৰি সভা সমিতি সম্বৰ্ধনা জনোৱা পৰম্পৰা ৰক্ষা কৰাত এই দুইবিধ সম্পদে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।
সময়ৰ লগত ৰজিতা খুৱাই গামোচাৰে ছাতি প্ৰস্তুত কৰা নিচিনাকৈ এইবাৰ জাপিত সংযোজিত হৈছে একোটাকৈ ঘড়ী।জানিব পৰা মতে জাপি ঘড়ীয়ে সম্প্ৰতিৰ বেচ সমাদৰ লাভ কৰিছে। এই ব্যৱসায় লগত জড়িত হৈ আছে নলবাৰী মুখকুছি গাঁৱৰ দীপক বৈশ্য নামৰ ব্যক্তিজন।
দীপক বৈশ্যই জনোৱা মতে ন- আৰ্হিত প্ৰস্তুত কৰা জাপি ঘড়ী বিক্ৰী কৰি তেওঁ কম দিনৰ ভিতৰতে প্ৰায় আঢ়ৈ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। দীপক বৈশ্য এই সাফল্যৰ জাপি ব্যৱসায়ৰ লগত জড়িত সকলক উৎসাহ যোগাইছে।

Comments (0)
Add Comment