প্ৰকৃতিত উপলব্ধ হোৱা সামগ্ৰীয়ে স্বাৱলম্বী হোৱা ব্যক্তিজন

কোনো উদ্যোগ খুলিবলৈ বিদেশ যাব নালাগে, বিচাৰি ফুৰিব নালাগে উদ্যোগজাত সামগ্ৰীৰ সমল। ইচ্ছা কৰিলে ঘৰতে পোৱা অথবা বাৰীতে উপলব্ধ হোৱা সামগ্ৰীয়ে আৰম্ভ কৰিব পাৰো উদ্যমী জীৱনৰ জয়যাত্ৰা।

এনে পদ্ধতিয়ে জীৱনৰ বাট বোলা আজিৰ তাৰিখত এজন সফল উদ্যমীৰ অন্যতম নাম হ’ল ঘনশ্যাম মেধি। উল্লেখযোগ্য যে ঘনশ্যাম মেধিয়ে অসম প্ৰাকৃতিক উদ্যোগৰ জৰিয়তে সমাজত সেৱা আগবঢ়াই আহিছে।

নলবাৰীৰ টিহুৰ চহৰৰ সমীপত থকা নিজা বাসগৃহৰ পৰাই চলাই আহিছে তেখেতৰ ব্যৱসায়। প্ৰাকৃতিক ভাবে পোৱা আমলখি, শিলিখা, অৰ্জুন গছৰ চাল আৰু বিভিন্ন ধৰণৰ ঔষধি গুণসম্পন্ন উদ্ভিদৰ পৰা উৎপন্ন কৰা ঔষধ, পাউদাৰ আদিয়ে বেচ সমাদৰ লাভ কৰিছে।

এই প্ৰাকৃতিক উদ্যোগ কিদৰে জন্ম হ’ল জানিব বিচৰাত তেখেতে এনেদৰে কয়- মোৰ দেউতাই প্ৰাকৃতিক চিকিৎসাৰ বিষয়ে কিছু কথা জানিছিল। এই ক্ষেত্ৰত বহুখিনি কথা দেউতাৰ পৰা শিকিছিলো। আৰু বিভিন্ন কিতাপ অধ্যয়ন কৰাৰ লগতে SIRD ত প্ৰশিক্ষন লৈছিলো। প্ৰথম অৱস্থাত ৪০ টকা মুলধনৰে টিফলা বনাই মানুহক খাব দিছিলো। সকলোৱে ভাল পোৱাত লাহে লাহে ব্যৱসায়টো সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হও। এই মন্তব্য ঘনশ্যাম মেধিৰ।

স্মৰ্তব্য যে অসম প্ৰাকৃতিক উদ্যোগত উৎপাদিত সমল সমূহ গ্ৰহণ কৰি বহু লোকে আৰোগ্য লাভ কৰিছে। অসমৰ বিভিন্ন জিলাত এনে সামগ্ৰী সমূহ বিক্ৰীৰ ব্যৱস্থা আছে। বৰ্ত্তমান লিকুইড, টেবলেট বনোৱাৰ প্ৰচেষ্টা হাতত লৈছে।

অসম প্ৰাকৃতিক উদ্যোগৰ এই জয়যাত্ৰা অব্যাহত থাকক আমি জনালো বহু শুভকামনা।

Comments (1)
Add Comment
  • Khandakar Asifa Yasmin

    Great Mr. Ghanshyam medhi. Its really very good inspiaration for us. And thanks to ne-focus team…