প্ৰত্যাশাৰে গাওঁমুখী হৈছে ষ্টাৰ্টআপৰ ঢৌ

সকলোৰে অলক্ষিতে অসমত নিৰৱে এক বিপ্লৱৰ সূচনা হৈছে । এই বিপ্লৱ কৰ্মউদ্যমীতাৰ, প্ৰতিষ্ঠা আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ । চাকৰিমুখী প্ৰৱণতা থকা বুলি সততে প্ৰচলিত থকা বিশ্বাসটোক নসাৎ কৰি এই সকল যুৱক যুৱতীয়ে যেন সলাই পেলাবলৈ চেষ্টা কৰিছে অসমৰ সামগ্ৰিক দৃশ্যপট । এই বিপ্লৱৰ অভিকেন্দ্ৰ গুৱাহাটী মহানগৰী যদিও ক্ৰমাৎ ই প্ৰসাৰিত হৈছে অসমৰ সৰু সৰু চহৰ সমূহলৈও । নৱবৰ্ষৰ প্ৰথমটো সপ্তাহতে উদ্যমীতাৰ ঢৌৱে চুই যাবহি গাওঁৰ উদ্যমী সকলক । অসমৰ ডিব্ৰুগড় জিলাৰ এখন ভিতৰুৱা ঠাই লেঙেৰি ।উজনি অসমৰ তৈলনগৰী মৰানৰ সমীপৰ এই গাওঁখনত কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত অনুষ্ঠিত হ’ব অসমৰ প্ৰথমখন গ্ৰাম্য ষ্টাৰ্টআপ ইভেণ্ট – “প্ৰত্যাশা” ।এনে প্ৰচেষ্টা হয়তো ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম ।

গ্ৰাম্যঞ্চলৰ উদ্যমী সকলক ষ্টাৰ্টআপৰ ঢৌৰ সৈতে চিনাকি কৰি দিয়াই “প্ৰত্যাশা”ৰ মুখ্য উদ্দেশ্য ।অনুষ্ঠানটোত মুখ্য বক্তা হিচাবে অংশগ্ৰহণ কৰিব “বৰ্ষশ্ৰেষ্ঠ ছাত্ৰ উদ্যোগী” হিৰন্ময় গগৈ,প্ৰাকৃতিক চাহ উৎপাদনেৰে বিশ্বত সুখ্যাতি লাভ কৰা Social Entrepreneur ধীৰেন ফুকন ,যুৱ উদ্ভাৱক ধ্ৰুৱজ্যোতি ফুকন, Startup বিশেষজ্ঞ মলয় বৰা ,যুৱ উদ্যমী উদিত ফুকন, সঞ্জীৱন সন্দিকৈ আৰু Matri Enterpriseৰ প্ৰতিষ্ঠাপক ধ্ৰুৱ জ্যোতি অৰ্জুনাই । ইয়াৰ উপৰিও অনুষ্ঠানটোত উপস্থিত থাকিব অসমৰ চুকে কোনে নিৰৱে কাম কৰি থকা বহুতো ষ্টাৰ্ট আপ ।

ষ্টাৰ্ট আপৰ ঢৌক গাওঁমুখী কৰাৰ এই প্ৰচেষ্টাৰ গুৰি ধৰিছে পৱন চাংমাই, তৰুণ চাংমাই, সোমেশ্বৰ বুঢ়াগোহাঁই, জাহ্নু চাংমাই আৰু উদয় শংকৰ হাতীবৰুৱা আদি কৰি কেইজন মান তৰুণে ।অনুষ্ঠানটোৰ অন্যতম উদ্যোক্তা পাৱন চাংমায়ে এই সন্দৰ্ভত কয় যে অসমত প্ৰতিভাৰ অভাৱ কোনোদিন হোৱা নাই । গাওঁ সমূহতো বহুতো যুৱকে উদ্যমীতাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । কিন্তু বহু সময়ত সঠিক দিকদৰ্শনৰ অভাৱত তেওঁলোক থমকি ৰ’ব লগা হয় । এই সকলৰ বাবে এখন সঠিক মঞ্চ সৃষ্টি কৰাই অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য । তদুপৰি নৱ প্ৰজন্মক উদ্যমীতাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তেওঁলোকে এই অনুষ্ঠানৰ দ্বাৰা চেষ্টা কৰিব ।

 

সমাজৰ হিত সাধনৰ বাবেই গাঁঠিৰ ধন ভাঙি এনেদৰে এটা অনুষ্ঠান আয়োজন কৰাটো আজিৰ দিনত অকল্পনীয় কথা ।কিন্তু তাকেই তাকেই কাৰ্যত পৰিণত কৰিছে এই কেইজন বহল হৃদয়ৰ যুৱকে । তেওঁ লোকৰ এই মহান প্ৰচেষ্টাৰ প্ৰতি nefocus.comএ অকুণ্ঠ শলাগ আগবঢ়াইছো ।   

লেখক- ধ্ৰুৱ জ্যোতি অৰ্জুনা

 

Comments (4)
Add Comment
  • poban

    বহুত বহুত ধন্যবাদ ৷ Nefocus দীৰ্ঘায়ু হওঁক ৷

    • Sangeetasaikia

      Dhonyabad

  • Nayan Kr Bora

    প্ৰচেষ্টাটো শলাগিবলগীয়া।

    • Sangeetasaikia

      Nishoy ke..