প্ৰিয়বন্ধু আপোনাৰো বন্ধু…..


প্ৰিয়বন্ধু – নামটো শুনিলেই আপোন আপোন লাগে নহয় নে ! এজন বন্ধু বাৰু কেতিয়া প্ৰিয়বন্ধু হৈ পৰে? যেতিয়া বন্ধুজনে সুখ-দুখৰ সময়ত সংগ দিয়ে, অথবা আপোনাৰ সুখৰ বাবে আপোনাৰ মুখত এমোকোৰা হাঁহি বিৰিঙাবলৈ জীৱনৰ অতি কঠিন সময়ছোৱাত যেতিয়া লগ দিয়ে।
 
হয়, আজি আপোনাক জনাব বিচাৰিছো,আপদৰ সময়ত সংগ দিব পৰা প্ৰিয়বন্ধুৰ বিষয়ে। এই যে প্ৰিয়বন্ধু, প্ৰিয়বন্ধু বুলি কৈ আছো, এই প্ৰিয়বন্ধুজন কোন জানেনে? এই প্ৰিয়বন্ধু হ’ল এটা সামাজিক বেচৰকাৰী সংগঠন । যাৰ আবেশত সমাজৰ পিছপৰা অঞ্চলৰ   দুখীয়া লোক সকলে স্বাস্থ্য, জীৱন শৈলী আৰু উন্নত শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে ।
 
 

 
প্ৰিয়বন্ধুৰ বিষয়ে সবিশেষ জনাৰ আগতে প্ৰিয়বন্ধুৰ কি দৰে প্ৰতিষ্ঠা হ’ল তাৰ বিষয়ে জানোচোন আহক ! প্ৰিয়বন্ধুৰ প্ৰতিষ্ঠাতা হ’ল এগৰাকী মানৱ দৰদী, সমাজ প্ৰেমী মহিলাৰ আপাহত । তেখেত অৰ্চনা ৰৰঠাকুৰ । ঘৰ দেৰগাঁওত, যদিও বৰ্ত্তমান কৰ্মসুত্ৰে মহানগৰীৰ বেলতলাৰ বাসিন্দা । সমাজৰ খাটি খোৱা দুখীয়া শ্ৰেণীৰ মানুহৰ বাবে কিবা এটা বহুত হেপাঁহ। সেই হেপাহৰ তাড়নাত বৰঠাকুৰে জন্ম দিলে প্ৰিয়বন্ধু ।
 
 

 
        জানি হয়টো আপুনি সুখী হ’ব যে নিচেই কম দিনৰ ভিতৰতে প্ৰিয়বন্ধু সকলোৰে মাজত জনপ্ৰিয় হৈ উঠিছে। কাৰণ অতি কম দিনৰ ভিতৰত অসমৰ বিভিন্ন দূৰ্গম গাঁও অঞ্চলত সেৱা আগবঢ়াইছে । বিশেষকৈ বানপানী ক্ষতিগ্ৰস্ত অঞ্চল সমূহত প্ৰিয়বন্ধুৱে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ প্ৰায় বোৰ জিলালৈ প্ৰিয়বন্ধু কৰ্মী সকল প্ৰতি দেওবাৰে গৈ সেৱা আগবঢ়ায় । প্ৰিয়বন্ধুৰ সম্পাদিকাই জনোৱা মতে এই সকলোবোৰ সম্ভৱ হৈছে, স্বেচ্চাসেৱী সদস্য সকল আৰু Social Media ৰ সহযোগত। উল্লেখযোগ্য যে ডুবাই, লণ্ডন, দিল্লী, মুম্বাই, পুণে আদিটো প্ৰিয়বন্ধু শুভাকাংক্ষী আছে। সকলোৱে বহু সময়ত সহায়ৰ হাত আগবঢ়াই আহিছে। স্মৰ্তব্য যে, এই সামাজিক সংগঠনটো ২০১৫ বৰ্ষৰ ২৭ জুলাইত গঠন হৈছিল। কিন্তু মহৎ উদ্দেশ্যেৰে আগবঢ়াৰ বাবে সকলোৱে সহযোগিতা আগবঢ়াইছে। ভবিষ্যতে প্ৰিয়বন্ধুৱে দুখীয়া মানুহৰ বাবে Skill Development Institute খোলাৰ পৰিকল্পনা আছে। প্ৰিয়বন্ধুৰ উদ্দেশ্য সফল হওক, NE Focus জনাইছে অনেক শুভেচ্ছা।
 

Comments (5)
Add Comment
  • U.C.SAIKIA

    good. inspired.

  • U.C.SAIKIA

    good.inspired.

  • Pranab Saikia

    ‘প্ৰিয়বন্ধু’ৰ পদক্ষেপ সুন্দৰ।

  • Sri Labonu Rajkonwar,Namrup

    Great job

  • Jyotish Das

    Good Job. Keep it up. I wish you will be very success in this matter.