পৰম্পৰাগত প্ৰাকৃতিক চিকিৎসাৰ সেৱা আগবঢ়োৱা ব্যক্তিজন

প্ৰাচীন আৰ্য়ুবেদ চিকিৎসা অথবা পৰাম্পৰাগত প্ৰাকৃতিক চিকিৎসাৰ জৰিয়তে আমি নিৰোগী জীৱন যাপন কৰিব পাৰো, বিভিন্ন বেমাৰৰ পৰা মুক্ত হ’ব পাৰো। ঘৰৰ বাৰীতে সহজতে পোৱা আদা, হালধিৰ পৰা আদি কৰি বিভিন্ন ফুলেও বিভিন্ন বেমাৰৰ উপশম ঘটায়। অসমত প্ৰাকৃতিক চিকিৎসাৰ ধাৰাটো আগবঢাই লৈ যোৱাত ব্ৰতী হৈছে বৰপেটা হাউলীৰ আচাৰ্য্য পংকজ পাঠক।
 

 
শেহতীয়াকৈ চ’চিয়েল মেডিয়াৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰা আৰ্য়ুবেদ বিশেষজ্ঞ আচাৰ্য্য পংকজ পাঠকৰ লগত Ne focusৰ ফালৰ পৰা কথা পাতিছিলো.. কিদৰে প্ৰাচীন চিকিৎসা পদ্ধতিটোৰ লগত সম্পৰ্কিত হ’ল জানিব বিচাৰাত তেখেতে এনেদৰে কয়-২০০৮ চনৰ কথা।তেতিয়া মুম্বাইত আছিলো। মোৰ পেটত অসহ্য বিষ হৈছিল। ডাক্তৰক দেখুৱালো, Gall Blader হোৱা বুলি কোৱাত অপা’ৰেচন কৰালো। ইয়াৰ পিছতো কিন্তু পেটৰ বিষৰ পৰা উপশম নাপালো। তাৰ পিছত যেতিয়া পুনৰ ডাক্তৰৰ কাষ চাপো, তেতিয়া ডাক্তৰে কলে যে কেঞ্চাৰ হৈছে। মই ভাগি পৰিছিলো..। তেনেতে এদিন মুম্বাইত থাকোতে দেখা পালো এখন আৰ্য়ুবেদ সম্পৰ্কীয় সভা হৈ আছে। উত্তৰ প্ৰদেশৰ ৰাজীৱ দিক্ষীত নামৰ আয়ুবেদ বিশেষজ্ঞ জনে ভাষণ দি আছে। মই পলম নকৰি তেখেতৰ কাষ চাপি বিৱৰি কও, তেখেতে মোক মহাৰাষ্টৰ সেৱাগ্ৰাম নামৰ এখন আশ্ৰমত লৈ যায়, আৰু তাতে চিকিৎসা আগবঢাই।মই আৰোগ্য হওঁ। লগতে প্ৰাকৃতিক চিকিৎসাৰ সম্পৰ্কে জ্ঞান আয়ত্ব কৰিবলৈ সক্ষম হওঁ। প্ৰায় ১ বছৰ “সেৱাগ্ৰাম” ত থাকো। অৱশ্যে কৰ্মৰ তাগিদাত মই প্ৰায় ১৫ বছৰ মান মুম্বাইত আছিলো। এবছৰ আগতেহে অসমলৈ আহিছো। প্ৰথমে লগৰ বন্ধুসকলক ঘৰুৱা নিদান দিছিলো,তেঁওলোকে উপকৃত হোৱাত মোক ফেচবুকত লিখিবলে অনুৰোধ কৰিলে, মই ফেচবুকত অসমীয়াত লিখা আৰম্ভ কৰো। সেয়াই মোৰ প্ৰথম প্ৰাকৃতিক চিকিৎসা নিদানৰ আৰম্ভণী।
 
 
উল্লেখযোগ্য যে ফেচবুকৰ জৰিয়তে বিভিন্ন বেমাৰৰ ঘৰুৱা চিকিৎসাৰ দিহা আগবঢোৱা আচাৰ্য্য পংকজ পাঠকে বৰ্ত্তমানলৈকে প্ৰায় ২০০০০ মান লোকৰ ৰোগৰ সমিধান আগবঢাইছে। উজনিৰ পৰা নামনি লৈ প্ৰায় ১২ খন জিলাত গৈ প্ৰাকৃতিক চিকিৎসাৰ নিদান দিছে, আৰু সজাগতা সভা অনুস্থিত কৰিছে। স্মতৰ্ব্য যে পোনপ্ৰথমে একমাত্ৰ ফেচবুকৰ জৰিয়তে প্ৰচাৰ চলাই বালাজী মন্দিৰৰ উদ্যেনত এখন সভা অনুস্থিত কৰিছিল। শেহতীয়াকৈ এটা ব্যক্তিগত চেনেলত অনুস্থান সম্প্ৰচাৰিত হোৱাৰ পিছতেই ৰাইজৰ পৰা অভুতপূৰ্ব সহাঁৰি পোৱাৰ কথা জানিবলৈ দিয়ে।

 
আচাৰ্য্য পাঠকৰ মতে এনে কিছুমান মানুহ আছে লাখ লাখ টকা খৰছ কৰিও বেমাৰ পৰা উপশম পোৱা নাই । কিন্তু মই দিয়া নিদানত সম্পূৰ্ণ সুস্থ হৈ উঠিছে । ভবিষ্যতে প্ৰাকৃতিক চিকিৎসাৰ গুণাগুণ সম্পৰ্কে জনসাধাৰণক দ কৈ অৱগত কৰা আৰু ঔষধিগুণসম্পন্ন গছ বন সংৰক্ষণৰ বাবে এখন বাগিচা স্থাপন কৰা পৰিকল্পনা আছে।
 
 
লক্ষ্য যেতিয়া সৎ হয়, সকলোৱে সেই যাত্ৰাৰ সংগী হয় । আচাৰ্য্য পংকজ পাঠকৰ ক্ষেত্ৰতই এইষাৰ কথা প্ৰযোজ্য হ’ল। তেখেতৰ মহৎ উদ্দশ্য সফল হঁওক আগুৱাই যাওক । আমাৰ অলেখ শুভকামনা।

Comments (41)
Add Comment
  • হিতেন ৰায়

    ৰাইজৰ সঁহাৰি দেখি আপ্লুত হৈছোঁ ! নিশ্চয় উপকৃত হৈছে, সেয়ে সঁহাৰি দি আছে !
    অভিনন্দন !

  • Hemanta Sharma

    We need a person like Acharjya Pankaj Pathak in Aasam. He can solve many problems faced by the people of Assam through his natural therapy. Wish him all the best.

  • Mainul Hoque

    Apunar podakhap bar val paiso, apunak alekh dgonyabad gapon korilo aru agoloi agbari jauk Ami apunar logot asu………

  • Madhab Das

    বহুত ভাল কাম কৰিছে ।

  • Jitendra Saikia

    Ata sundar padakhep

  • trishna kumari

    Apunar ai mohot prosesthai amak bohu upokar korise……dhanyabad.

  • Sri Jugal Chandra Borah

    আচাৰ্য পংকজ পাঠক অসমৰ জনগণৰ এজন আদৰৰ আৰু নমস্য ব্যক্তি হৈ পৰিছে৷ কাৰণ, অসমৰ জনতাৰ মাজত অতিজৰে পৰা চলি অহা কবিৰাজি বা বনৌষধি চিকিৎসাৰ চিকিৎসকসকলে ঔষধি গুণযুক্ত গছ-বন, পাত- লতা আদিৰ কথা গোপনে ৰাখি ধনৰ বিনিময়ত সেৱা আগ বঢ়াইছিল৷ সেয়ে অজ্ঞ ৰাইজে নিজৰ ঘৰৰ পিৰালিতে থকা বনজোপাৰ ঔষধি গুণৰ কথা নাজানি স্বয়ম্ভু বেজৰ পৰা তাকে অধিক ধনৰ বিননিময়ত ক্ৰয় কৰি ৰোগমুক্ত হোৱাৰ চেষ্টা চলায়৷ আচাৰ্য পংকজ পাঠক ডাঙৰীয়াই আমাৰ চৌপাশে থকা ঔষধিগুণযুক্ত গছ-বনৰ সৈতে ৰাইজক চিনাকী কৰি দি নিজৰ ৰোগ নিজে নিৰাময় কৰাৰ বিভিন্ন বিধানসমূহ নিস্বাৰ্থভাৱে আগ বঢ়াইছে৷ এই কথা সত্য যে তেখেতৰ এনে কামে চিকিৎসা জগতৰ সৈতে জড়িত স্বাৰ্থপৰ লোক এচামক ভাতে মাৰিব আৰু তেওঁলোক আচাৰ্য পংকজ পাঠকৰ ঘোৰ শত্ৰু হৈ থিয় দিব৷ তাকে প্ৰতিৰোধ কৰিবলৈ হ’লে আচাৰ্য পংকজ পাঠক ডাঙৰীয়াই বনৌষধিৰ গুণাগুণৰ সম্যক জ্ঞান থকা বিভিন্নজনক তেখেতৰ লগ লাগি ৰাইজৰ সেৱাত ব্ৰতী হ’বলৈ আহ্বান জনোৱা উচিত৷ এই কথা মই ব্যক্তিগত অভিজ্ঞতাৰ আধাৰত জনাইছোঁ৷ কথাটো অধিক মুকলিভাৱে ক’বলৈ হ’লে মোৰ স্বৰ্গগামী মাতৃদেবীয়ে জীৱনকালত কোনো মাননী নোলোৱাকৈ চকুত আঘাট লগা লোকক দিয়া এক চমৎকাৰ দেখুওৱা বনৌষধিৰ বিষয়ে উল্লেখ কৰিব লাগিব- যিটো ঔষধ খুৱালে ওলাই পৰা চকুটো বুটলি আনি লগাই দিলেও আগৰ দৰে ভাল হৈ পৰিব৷ এনে ধৰণে নিজৰ লগত গোপনে ৰখা অনেক মহৌষধ অনেকজনে চলাই আছে৷ সকলোৱে আচাৰ্য পংকজ পাঠকৰ লগ লাগি অথবা সকলোকে আচাৰ্য গৰাকীয়ে লগত লৈ আগ বাঢিলে নিশ্চয়কৈ শত্ৰুপক্ষই মূৰ দাঙি উঠিব নোৱাৰিব৷

  • Dhiman Talukdar

    Realy very good Step towards common people.

  • মনোজ বৰুৱা

    বহুত ভাল কাম কৰিবলৈ লৈছে । তেখেতৰ নিদানে অনেক দুখীয়া লোকক উপকৃত কৰিব ।

  • Tilok Chandra Gogoi

    Tekhetor logot kotha patiboloi phone no. Tu Pam neki? Ba chithi likhiboloi address Pam neki? Añugrah kori jonale upakrita hom

    • admin

      সমূহ পাঠকলৈ মতামতৰ বাবে ধন্যবাদ জানাঁইছো । ৰাইজৰ অনুৰোধৰ পৰিপ্ৰেক্ষিতত আচাৰ্য্য পংকজ পাঠকৰ যোগাযোগৰ নম্বৰ দিয়া হ’ল। তেখেতৰ নম্বৰ হ’ল- 9702411922

  • kishor kumar dutta

    আপুনি আগবা্ঢ়ক পংকজ দা আমিবোৰ আপোনাৰ লগত আছো

  • Ramen Borah

    হয় তেওঁ এজন সৎ আৰু নিষ্টৱান মানুহ,মোৰ বোধেৰে অসমত দ্বিতিয় এজন নোলাব৷

  • যাদৱ হাজৰিকা

    ইমান সহজ নিদানেৰেও যে আৰোগ্য লাভ কৰিব পৰা যায়, ভাবিব পৰা নাছিলো ৷ তেখেতৰ সাফল্যতাত বাধা আৰু নাই ৷

  • jiban chetry

    Bahut bhal lagil.Mao o Pathak sirar upadekh mate.oils bemarar..sikitxa karai asu mor tea garden at kam kara Baideu ajanir jiyekak.aru nije gharar karane 250 grm methi,100 grm ajwain aru 50 grm kala jira mini ani toiyar kari thoisu.aji ratir para khaba Maa aru mor Patniye.

  • দিলীপ বৈশ্য

    আপোনাক বহুত বহুত ধন্য বাদ

  • Dulal Deka

    বহুত সুন্দৰ প্ৰচেষ্টা ।

  • Dibyajyoti Das ( Chandan Das )

    Jijan manuhe theki sike teo jibanat bahut aguai joar lagate aan dah janako aguai niba pare buli mor biswas ase. jito katha adaraniya Asharjya Pankaj Pathak debar ketrat prajojya. Bhal, bahut bhal kam karise lagate amaro bhal kari goise.

  • sabita sarma

    vagabane teok sakti diyak jate asamr bemari sahaje arogya hab pare

  • lani baishya

    Moi aponak log pab bisaro. Kot log pam aponak….

  • bharat deka

    Best journey.

  • Himadri kalita

    sundar prosesta.apuni vagaban sarup jen hoi porise sakolore.sobore mukhat aponare kotha.

  • নিৰু দত্ত

    এখন ঠাইত উপলব্ধ প্ৰাকৃতিক সম্পদে সেই ঠাইৰ বাসিন্দাক ভালকৈ সুজে। পাঠক দেৱৰ নিজা মাটিৰ ৰসসিক্ত পৰম্পৰাগত চিকিৎসাই জনগণক সহায় কৰিছে।তেখেতৰ কামৰ শলাগ ল’লো

  • kongkan das

    Reborn of RAJIV DIXIT

  • পংকজ পাঠক

    সকলোকে অশেষ ধন্যবাদ থাকিল ।

  • Rupan Deka.

    I like your process. I want meet you .

  • অজিত হালৈ

    পাঠক ডাঙৰীয়া এজন সৎ , নিষ্টৱান আৰু আয়ুৰ্বেদ বিজ্ঞানৰ বিদগ্ধ পণ্ডিত!এনেদৰে ৰাইজৰ সেবাত আগ বাঢ়ি অহা মোৰ বোধেৰে অসমত দ্বিতীয় এজন নোলাব৷

  • Pankaj kr.Sharma

    সচাকৈ আজিৰ দিনত এই ঔষধ ব্যৱহাৰ খুব প্রয়োজন হৈ পৰিছে কোনো sideeffect নোহোৱাকে treatment কৰি মই কিন্তু ভাল পাইছোঁ (চকুজোৰৰ).

  • abani thakuria

    Kidney stone and gall blader stone hole ki khabo lage jonabo.

  • Jakir Hussain

    Many many thanks to you for your restless journey . Wish you will reach to your end point…. Our family is also benefited by you.

  • Diganta Saikia

    Pathak dangariyaloi okhekh dhanyabad….

  • কৃষ্ণ কমল বৰুৱা

    তেখেতলৈ ধন্যবাদ থাকিল আৰু সৎ , নিষ্ঠাৰে আগ বাহক

  • Urmila Lahkar

    Aaponaloi bohut dhonyobad thakil…moi xodaiye ene sikitxaar proti aagrohi aasilo…aaxa koriso aapuni xodaye manuhok enedore upokrito kori jabo.

  • julee baruah

    huvessa o huvokamona hodai thakibo sir.

  • biplab kr. phukan

    Muk apunar osorot rakhi lok. …moi kam korim

  • Dwijen das

    দাদা আপোনাৰ বহু পৰামৰ্শ মই লিখি ৰাখছো । মই নিজেও তাৰ কেইটামান ব্যৱহাৰ কৰিছো । ভাল পাইছো । আৰু আনকো কৈছো ব্যৱহাৰ কৰিবলৈ । মই যিমান পাৰি আপোনাৰ পৰামৰ্শবোৰ অইনকো দিম যাতে অসমবাসীয়ে আমাৰ প্ৰকৃতিৰ মুল্য বুজি পায় আৰু তাৰ উপকাৰীতাৰ বিষয়ে জানে । মই পাৰ্য মানে চেষ্টা কৰিম । মোৰ ইমেল এদৰেছ dwijendas1234519@gmail.com

  • chandana barman

    পাঠক ডাঙৰীয়া ,
    আপোনাৰ এই স্বদেশী আন্দোলন সফল হোৱাৰ কামনা কৰিছোঁ৷ এয়া এক সুন্দৰ প্ৰচেষ্টা আৰু প্ৰশংসনীয় পদক্ষেপ৷

  • Dimpi Dihingia

    Apunak bohut dhonyobad..mur deutar diabetis 349 paisilege aru nokoma hoisil kintu dy365 t apunar poramokho onujayi tita kerelar hei bidhitu kora pasote pisdina sugar 172 hoi gol…bohut dorob khuar pisotu ru doctor k dekhuar pisotu nokoma sugar apuni normal t ani dile..bohut dhonyobad…akha koru apuni jate anedorei hokoluke diha piramorkho di jai….

  • পংকজ কুমাৰ দাস

    অকল ফেছবুক নহয় দাদা মই আপোনাৰ লগত ব্যক্তিগত ভাৱে আছো ৷ আৰু মই ধন্য যে আপুনাৰ চচিয়েল মেডিয়া মই কাম কৰিব পাইছো ৷

  • rinku

    val lagil porhi.