বিদেশী ফলৰ খেতিও হয় অসমত

বিদেশৰ ফলে ঠন ধৰি উঠিছে মহানগৰীৰ এখন বাগিছাত। ব্ৰাজিল, আমেৰিকাৰ ফল এভাক’ডা, আলফ্ৰেঞ্চ আম, ভেনিলা এতিয়া মহানগৰীৰ বাগিছাত। সমাজকৰ্মী কৈলাস শৰ্মাৰ বাগিছাত হোৱা এই দুষ্প্ৰাপ্য ফলসমূহ চাবলৈ বহুতে ভিৰ কৰা পৰিলক্ষিত হৈছে। জানিব পৰামতে শৰ্মাই ১৪ বছৰ আগতে খেতিৰ বাবে ৰোপন কৰিছিল ফলৰ গছসমূহ। বছৰি কিছু সংখ্যক ফলৰ গছত ফুল ফুলে যদিও এইবাৰ ফল ধৰাৰ বাবে আনন্দিত হৈ পৰিছে তেওঁ। এই সম্পৰ্কত কৈলাস শৰ্মাই এনেদৰে জানিবলৈ দিয়ে–বিদেশৰ ফল, পৰিৱেশ বেলেগ। গতিকে অসমৰ মাটিত উৎপাদন কৰোতে যথেষ্ট কষ্ট হৈছে।

এভাক’ডা ফল আগ্নেয়গিৰি অঞ্চলত হয়। অসমৰ মাটিত কৰিবলৈ যাওতে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি ডাঙৰ কৰিবলৈ যত্ন কৰা হৈছে। উল্লেখযোগ্য যে, কৈলাস শৰ্মাৰ বাগিছাত ভেনিলা আৰু লতা বেলৰ খেতিও হৈছে। যথেষ্ট ঔষধি গুণ সম্পন্ন আলফ্ৰেঞ্চ আম খেতিয়ে কৃষকসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। কেৱল পৰীক্ষামূলকভাৱে বিদেশী ফলৰ খেতি আৰম্ভ কৰা শৰ্মাই পৰৱৰ্তী পৰ্যায়ত অধিক উদ্যমেৰে বহুলভাৱে বিদেশী ফল কেইবিধৰ খেতি কৰিব বুলি জনায়।

Comments (0)
Add Comment