মানুহজনে ৰ’দে বতাহে বাটকুঁৰি বাই মানুহৰ ঘৰে ঘৰে গৈ ফুলনি বাগিছা স্থাপনৰ বাবে প্ৰস্তাৱ ৰাখিছিল । কিয়নো সেইসময়ত তেঁওৰ হাতত মহানগৰীত চলিব পৰা কে কোনো জীৱিকাৰ সম্বল নাছিল। এনেদৰে কাম বিচাৰি যাঁওতে, কেতিয়াবা হয়টো অকথ্য গালি , ভেকাহি, আৰু কেতিয়াবা অতি সহজতে কামৰ সন্ধান পাইছিল। কিন্তু তেঁও কোনো ক্ষেত্ৰতে নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল। অপেক্ষা কৰিছিল মাথো সময় আৰু সুযোগ লৈ।
এনেদৰে প্ৰায় ৩ বছৰ জীৱন সংগ্ৰামৰ যুঁজত অৱত্তীৰ্ণ হৈছিল। সময়ৰ পাকচক্ৰত এদিন মানুহজনলৈ ভাল দিন আহিল । সমাজৰ বাবে নিজেই ভাবাধৰণে প্ৰতিষ্ঠা হল। অত্যন্ত ধৈৰ্য্যশীল, উপস্থিত বুদ্ধিসম্পন্ন এই বিশেষ মানুহজন কোন জানেনে?
এই বিশেষ মানুহজন হ’ল, বৰ্ত্তমান সময়ৰ জনপ্ৰিয় ভাস্কৰ্য্য শিল্পী দিলীপ শৰ্মা । আজি চৰকাৰী ভাস্কৰ্য্য শিল্প সম্বন্ধিত প্ৰায়বোৰ কাম কাজ দিলীপ শৰ্মাই কৰে। উদাহৰণস্বৰূপে ভুপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিয়েই হওঁক কিম্বা জ্যোতি চিত্ৰবন, খানাপাৰাৰ বিজ্ঞান সংগ্ৰহালয়ৰ বাগিছাৰ সজাই পৰাই তোলাৰ কাম কাজেই হ’ওক, এই সকলোবোৰতে তেঁওৰ হাতৰ পৰশত প্ৰতিটো শিল্পই প্ৰান পাই উঠে ।
এই যে, আজি আপুনি আমি চিনি পোৱা দিলীপ শৰ্মা কি দৰে এইলৈ পৰিবৰ্ত্তিত হ’ল জানিব বিচাৰাত শৰ্মাই এনেদৰে কয়- শিল্পী সত্বা আমাৰ তেজতেই আছিল। মোৰ দেউতা লক্ষী শৰ্মা তেজপুৰৰ এজন নামজলা শিল্পী আছিল। দেউতা ঢুকোৱাৰ পিচত আমাৰ ঘৰুৱা অৱস্থা একেবাৰে বেয়া হ’ল। পৰিস্থিতিৰ তাড়নাত পৰি মোৰ বিশেষ পঢ়া-শুনা নহ’ল। মাত্ৰ মেট্ৰিকলৈকে পঢ়িলো । কামৰ সন্ধানত এদিন গুৱাহাটীলৈ আহিলো । গুৱাহাটীত চলিব পৰাকে মোৰ একো কাম নাছিল, কিন্তু এইখিনিতে জনাও যে সৰুৰে পৰা ছবি আঁকিছিলো, ছবি আঁকি ভাল পাইছিলো। অষ্টম শ্ৰেণীত পঢ়ি থাকোতে, এজন বন্ধুৰ সহযোগত গহপুৰত এখন আৰ্ট স্কুল খুলিছিলো। তাত বহু ছাত্ৰ-ছাত্ৰীক ছবি আঁকিবলৈ শিকাইছিলো। অৱশ্যে গুৱাহাটীলৈ অহাত স্কুলখনৰ কাম বাদ দিব লগা হয়। গুৱাহাটীত আহি ছবি বা পেইণ্টিঙ আকা কামে চলিব নোৱাৰা হও। সেয়েহে প্ৰথমে ড্ৰইনিং তৈয়াৰ কৰি Rock Garden তৈয়াৰ কৰা কামত ব্ৰতী হও। প্ৰথম অৱস্থাত চলিবলৈ যথেষ্ট কষ্ট হৈছিল। যদিও পিছলৈ চৰকাৰী অফিচৰ কাম কাজ পোৱাত আৰ্থিক দিশত টনকিয়াল হওঁ। এইখিনি সময়তে গুৱাহাটী Artist Guild ৰ ধ্ৰুৱ ডেকা চাৰ আৰু প্ৰণবেন্দ্ৰ বিকাশ ধৰ ছাৰৰ সহায় সহযোগত আৰ্টৰ পৰা আদিকৰি ভাস্কৰ্য্য শিল্পলৈকে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ সক্ষম হঁও। কলিকতাৰ শান্তি নিকেতনত ভাস্বৰ্য্য শিল্পীৰ যোগালি হিচাপে কৰ্মৰত আছিলো।
এনেদৰে এদিন গোলাঘাটৰ সেই সময়ৰ DC চাৰৰ সানিধ্যত আহি শিৱসাগৰৰ ৰংঘৰ বাকৰিৰ বাগিচা প্ৰস্তুত কৰা কাম পাও। চাৰে প্ৰথমে মোক ৰংঘৰৰ বাগিচা প্ৰস্তুত কৰাৰ বাবে ড্ৰইনিং বনাব দিয়ে। তেতিয়া মোৰ মনলৈ এটা ধাৰণা আহিছিল। দেখা পাইছিলো ৰংঘৰৰ বাকৰিত গৰু, মহ চৰি থকা এটা দৃশ্য । সেই ধাৰণাটোকে বাস্তৱ ৰূপত ভাস্কৰ্য্য শিল্পলৈ গঢ় দিলো। ৰংঘৰৰ বাকৰিৰ বাগিচাত কৰা শিল্প কৰ্মই কৰ্মৰ প্ৰথম আৰম্ভণি।
উল্লেখযোগ্য যে ব্ৰঞ্জ, ফাইবাৰ, মাটিৰে তেখেতে ভাস্কৰ্য্য শিল্প নিৰ্মাণ কৰে। Diya Fine Art নামৰ এখন প্ৰতিষ্ঠান শৰ্মাৰ আছে । শেহতীয়াকৈ শিল্প আশ্ৰম নিৰ্মাণৰ পৰিকল্পনা হাতত আছে। ইতিমৈধ্য চৰকাৰৰ ফালৰ পৰা পানীখেতি নামৰ ঠাইখনত শিল্প নিৰ্মানৰ বাবে চৰকাৰে মাটি দিছে। সেয়েহে দিলীপ শৰ্মাই এক গ্ৰুপ গঠন কৰিছে। যি গ্ৰুপৰ দ্বাৰা উত্তৰ প্ৰজন্মৰ শিল্পী সকলে এক নৱ পথ সন্ধান পাব পাৰে। দিলীপ শৰ্মাৰ এনে মহান কৰ্মক জনাইছো প্ৰণাম ।
Tekhetoloi aantrorik huveisa jasilu.Teour udeisyo hofol houk.
DILIP DA…..U R THE GREAT ARTIST IN ASSAM..
REGARDS
SUCHITRA
SHAPE N SHINE HEALTH CARE
Proud of you… I congratulate your bright future
Gohuriya hixape proud of you.Huvakamana