মন কি বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক বিজয়া দশমীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

মন কি বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক বিজয়া দশমী তথা দশেৰাৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । অনুষ্ঠানৰ জৰিয়তে প্ৰথমতে প্ৰধান গৰাকীয়ে দেশবাসীক বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰে।
 
 
 
লগতে মন কি বাত অনুষ্ঠানৰ জৰিয়তে আহি থকা দিনবোৰতো আৰু অধিক সতৰ্ক হৈ থকাৰ পৰামৰ্শ দিয়ে মোডীয়ে।আনহাতে উৎসৱৰ আনন্দৰ মাজত যাতে দেশৰ জনতাই  দেশৰ বীৰ সন্তান সকলৰ কথা পাহৰি নাযায় সেই কথাও ব্যক্ত কৰে।সীমান্তত দায়িত্ব থকা জোৱানসকলৰ বাবে নিজৰ ঘৰত মাটি চাকি জ্বলোৱা আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Comments (0)
Add Comment