মহান চন্দ্ৰ বৰাৰ মহান কামক জানো আহক

মহান চন্দ্ৰ বৰাৰ মহান কামক জানো আহক

আমাৰ মৌলিক প্ৰয়োজন বুলিলে সততে অন্ন, বস্ত্ৰ, আশ্ৰয়ৰ কথা মনলৈ আহে। এই তিনিটাৰ অবিহনে আমি সুচল জীৱন যাপন কৰিব নোৱাৰো । এক কথাত ক’বলৈ গ’লে এই তিনিটা অভাৱত থকা জনকেই অভাৱী বুলি ক’লে ভুল কোৱা নহ’ব। অন্ন বুলিলে ভাত অথবা ৰুটিৰ কথা মনলৈ আহে । ভাতৰ লগত সম্পৰ্কিত আন এটা শব্দ হ’ল ধান । কাৰণ ধানৰ পৰাই চাউল হয়, আৰু চাউলৰ পৰা ভাত পাও। এই কথা সকলোৱে জ্ঞাত । কিন্তু কিমান জনে আমাৰ অন্ন ৰ বীজ সমূহ সংৰক্ষণ কৰা কাৰ্য্যত ব্ৰতী হওঁ। বিশ্বাস কৰিব, আজিও আমাৰ মাজত এনে ব্যক্তি আছে যিয়েই ধানৰ বীজ সংৰক্ষণ কৰাৰ লগতে নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলা কাৰ্য্য ব্ৰতী আছে। প্ৰিয় পাঠক, NE Focus.com সদায় প্ৰতিশ্ৰুতিবদ্ধ, সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ইতিবাচক কামৰ লগত জড়িত সকলক আপোনালোকৰ সন্মুখলৈ লৈ অনাৰ । আজি তেনে এজন উদ্যমীৰ কাহিনী NE Focus.com ত প্ৰকাশ কৰা হ’ল।

Mahan_Bora-4

জাতি, মাটি অথবা ভাল কাম কৰিবলৈ বাহিৰ লৈ যাব নালাগে । ঘৰত থাকিয়েই সমাজৰ বিভিন্ন ক্ষেত্ৰত কামত সেৱা আগবাঢ়াব পৰা যায়। তেনে এজন ব্যক্তি হ’ল মহান চন্দ্ৰ বৰা । তেখেতে থলুৱা ধানৰ বীজেৰে সংৰক্ষণে গঢ়ি তুলিছে এক সেউজ বিপ্লৱ।

kjjk

মহান চন্দ্ৰ বৰাৰ ঘৰ যোৰহাট মেলেংৰ কাঠগাঁৱত । উল্লেখযোগ্য যে বৰাৰ ব্যক্তিগত প্ৰচেষ্টাত গঢ় লৈ উঠিছে বীজ সংৰক্ষণৰ ভৰাঁল। অন্নপূৰ্ণা ছীড লেণ্ডিং লাইব্ৰেৰী নামৰ বীজ সংৰক্ষণৰ ভৰাঁলটোৱে ইতিমধ্যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিৰ্ফনিয়াস্থিত ৰিচমণ্ড গ্ৰ’জ নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে এছিয়াৰ প্ৰথমটো বীজ সংৰক্ষণৰ ভৰাঁল হিচাপে স্বীকৃতি পাইছে।

1889015_817153078365189_6858992240265587485_o

মহান চন্দ্ৰ বৰাৰ পৰা এই বিষয়ে জানিব বিচাৰাত এনেদৰে কয়- আমাৰ ঘৰখনৰ সকলোৱে খেতি বাতিৰ লগত জড়িত আছিল। আমাৰ মাজৰ পৰা বিভিন্ন সময়ত থলুৱা ধানে হওক অথবা শস্যৰেই হওক, বীজবোৰ প্ৰায়েই নোহোৱা হৈ গৈছে। উত্তৰ পূৰ্ৱাঞ্চলত ধান বীজৰ বহুতো বৈচিত্ৰ্যতা আছে। ন- প্ৰজন্মৰ কথা ভাবিয়েই এনে ব্ৰটা কাম কৰাৰ প্ৰতি অগ্ৰসৰ হঁও।

উল্লেখযোগ্য যে মহান চন্দ্ৰ বৰাৰ “অন্নৰ্পূণা ছীড লেণ্ডিং লাইব্ৰেৰীত” প্ৰায় ২০০ ৰো অধিক ধানৰ বীজ সংৰক্ষণ আছে। বৰাৰ এনে প্ৰচেষ্টা প্ৰতি সহাঁৰি জনাই বিভিন্ন সময়ত বিভিন্ন দেশৰ দেশী বিদেশী পৰ্যটকে ছীড লাইব্ৰেৰীৰ দৰ্শনৰ অৰ্থে আহে।

মহান চন্দ্ৰ বৰা পেছাত এজন শিক্ষক। তেখেতে চিনামৰা জাতীয় বিদ্যালয়ত কৃষি বিষয়ক পাঠ্যক্ৰমৰ শিক্ষকতা কৰে । ইয়াৰ উপৰিও সময়ে সময়ে বিভিন্ন স্কুল কলেজত গৈ কৰ্মশালা, প্ৰৰ্দশনী আদিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা ন প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে এক আদৰ্শনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে।

বৰাৰ এনে কামৰ প্ৰতি উৎসাহ জনাই জিলা প্ৰশাসনৰ ফালৰ পৰাও সন্মান প্ৰদৰ্শন কৰিছে। মহান বৰাৰ এই মহান কামে সকলোকে ন আলোকৰ সন্ধান দিয়ক।

Comments (1)
Add Comment
  • পল্লৱ কুমাৰ নেওগ ।

    মহান চন্দ্ৰ বৰাৰ মহান কামক শলাগ জনাইছোঁ। অদূৰ ভৱিষ্যতত তেখেতৰ কৰ্মৰাজিৰ জৰিয়তে উত্তৰ পুৰুষে অনুপ্ৰেৰণা লাভ কৰক।