মানৱ সেৱাই যাৰ কৰ্ম

আজি যাৰ বিষয়ে আপোনাক জনাবলৈ তেওঁ এজন সচা অৰ্থত মানৱসেবী। মানুৱ সেৱা ধৰ্ম হিচাপে গ্ৰহণ কৰি এটা, দুটা নহয় সম্পূৰ্ণ তিনিটা দশক ধৰি বাতৰি কাকত বিলাই কৰি আহিছে সমাজিক সেৱা। আমি প্ৰত্যেক দিনাই প্ৰেৰণাদায়ক ইতিবাচক খবৰ আপোনাৰ সন্মুখত দাঙি ধৰি তেওঁলোকক উৎসাহ যোগাবলৈ প্ৰয়াস কৰো। আজিৰ এই প্ৰয়াসৰ সহযাত্ৰী বিহালীৰ সংবাদিক শ্ৰীমন্ত দাস।

পুনৰ কৈছো এটা, দুটা দশক সম্পূৰ্ণ তিনিটা দশকত এইজন সমাজসেৱীয়ে দৈনিক সাত কিলোমিটাৰ চাইকেল চলাই বাতৰি কাকত বিলাই প্ৰতিদিনে যোগায় আহিছে প্ৰতিদিনৰ খবৰ। বিশ্বাস কৰিব! তেওঁৰ বয়স প্ৰায় ৪০ বছৰ হ’ব। নাম মৃণাল বৰুৱা। ঘৰ বিশ্বনাথত। আজি মৃণাল বৰুৱাক বিহালীত চিনি নোপোৱা মানুহ খুব কমেহে ওলাব। মৃণাল বৰুৱাই এনে ধৰণৰ পেছা প্ৰতি কিয় আকৰ্ষিত হ’ল জানিব বিচৰাত এনেদৰে কয়- আৰ্থিক দিশৰ পৰা আমাৰ পৰিয়ালটো সবল নাছিলো। দুজন বন্ধুৰ পৰামৰ্শ মতে লোন লৈ বাতৰি কাকতৰ এজেঞ্জি খোলো, আৰু তাৰ পৰাই ব্যৱসায়টো সম্প্ৰসাৰণ হয়। মোৰ পেছাত সততা আছে সেয়েহে বিভিন্নজনে সন্মান কৰে, আদৰ কৰে। বিশেষকে খবৰ কাকত বিলাই মানৱ সেৱা কৰিবলৈ পাই অত্যন্ত সুখী। উল্লেখযোগ্য যে মৃণাল বৰুৱাই দৈনিক ১৫ খন গাঁৱত বাতৰি কাকত যোগান ধৰে।

প্ৰিয় পাঠক, মৃণাল বৰুৱাৰ জীৱন গাঁথা শুনি যাতে আন দহজনেও উপকৃত হয় তাৰ উদ্দেশ্যে কাহিনীভাগ প্ৰকাশ কৰিলো। এই চেগতে মৃণাল বৰুৱালৈ nefocus.com ফালৰ পৰা আন্তৰিক শুভকামনা জনালো।

Comments (1)
Add Comment
  • B S Boruah

    মোৰ মামাই ‘৮৩ চনৰ পৰাই এইদৰে পেপাৰ দি আহিছে চিনামৰা তিনিআলিত৷ সেই অঞ্চলত মামাহ’ত সকলোৰে চিনাকী৷ তিনিজন লৰা আছে যি দুৰৰ বোৰ দিবলে যায়, হ’লেও ওচৰৰ বোৰ এতিয়াও নিজেই দিয়ে৷ ৰাতিপুৱা ৪বজাতে ঘৰৰ পৰা ওলাই যায়৷ দিনতো নিজৰ দোকানত বহে, ৰাতি ৯ বজাত ঘৰ সোমাই৷