মৃৎশিল্পীক উৎসাহ যোগালে মুখ্যমন্ত্ৰীয়ে

দেৱালী সময়ত থলুৱা মৃৎশিল্পৰ যথেষ্ট চাহিদা আছে। বিশেষকৈ মাটি চাকিৰ অবিহনে পোহৰৰ উৎসৱ আধৰুৱা হৈ ৰয়।দেৱালীৰ প্ৰাকক্ষণত থলুৱা ভাৱে প্ৰস্তুত কৰা মাটি চাকি ক্ৰয় কৰি উৎসাহ যোগাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
 
উল্লেখযোগ্য যে দেশজুৰি চীনৰ সামগ্ৰীৰ বৰ্জন হোৱাৰ বাবে মাটি চাকিৰ আদৰ বাঢ়িছে।আনকি ঘৰতে বিভিন্ন জনে মাটি চাকি প্ৰস্তুত কৰিছে।আজি মুখ্যমন্ত্ৰী গৰাকীয়ে থলুৱা মাটি চাকি ক্ৰয় কৰি থলুৱা মৃৎশিল্পীক উৎসাহ যোগাইছে গুৱাহাটীৰ কামাখ্যা গেটত।স্মৰ্তব্য যে পূৰ্বতকৈও মাটি চাকিৰ আদৰ বাঢিছে।

Comments (0)
Add Comment