মেক ইন আচামৰ এজন পথপ্ৰদৰ্শকৰ কথাৰে

মেক ইন আচামৰ অংশীদাৰ হোৱা এজন যুৱক।যুৱকজনে গাৱৰ আন্ধাৰ ৰাস্তাবোৰ পোহৰাব খোজে।ঘৰে ঘৰে পোহৰ যোগান ধৰিব বিচাৰে।কেৱল এই প্ৰয়াসতে আৱদ্ধ নথকা যুৱকজনে ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত নিজেই উদ্ভাৱন কৰা সামগ্ৰী যোগান ধৰিছে।আহকচোন জানো এই বিশেষ যুৱকজন নো কোন? আৰু তেওঁ কি কৰিছে? এই বিশেষ যুৱকজনৰ নাম কৌশিক হাজৰিকা।ঘৰ তেজপুৰৰ বিষ্ঞুনগৰত।তেওঁ ইনভাৰটাৰ, চ’লাৰ লাইট উদ্ভাৱন কৰি অসমৰ বিভিন্ন ঠাইৰ গ্ৰাহকক যোগান ধৰিছে।এই সম্পৰ্কে কৌশিক হাজৰিকাই কয়-এই কামটোৰ লগত ৫ জনমান ব্যক্তি জৰিত আছে ।ফেচবুকৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইৰ গ্ৰাহক সমূহক পাইছো।বিদেশৰ উচ্চহাৰৰ চাকৰি পৰিত্যাগ কৰি কিয় উদ্যমী হোৱা মেলে বুলি সোধাৰ এক প্ৰশ্নৰ  উত্তৰত কয় যে স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে এনেধৰণৰ কামৰ প্ৰতি অগ্ৰসৰ হও।উল্লেখযোগ্য যে কৌশিক হাজৰিকাই যোগান ধৰা একোটা ইনভাৰটাৰৰ মূল্য ৬৯০টকা।কৌশিক হাজৰিকাৰ মতে আমি প্ৰস্তুত কৰা ইনভাৰটাৰ বহুত দিন ভালে থাকে ।মেক ইন আচামৰ ক্ষেত্ৰত কৌশিক হাজৰিকাই আগবঢ়োৱা সেৱাৰ বাবে বিষয়টোৱে সচেতন মহলৰ মাজত যথেষ্ট চৰ্চা লাভ কৰিছে।

Comments (0)
Add Comment